13
Jun
2017

চৰাইদেউঃনাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰা, এনআৰচিৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰা, অসমত দ্বি-নাগৰিকত্ব-পূৰ্ণ স্বায়ত্ব প্ৰদান কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷
চৰাইদেউৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৰ্মকৰ্তাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ ফুকন আৰু সম্পাদক ৰাজীৱ ৰাজকোঁৱৰৰ স্বাক্ষৰিত এখনি স্মাৰক-পত্ৰ উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে।