চিচিবৰগাঁওঃ জুৰীয়া কাণ্ডৰ বিৰুদ্ধে ধেমাজিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ৷

নগাঁও জিলাৰ জুৰীয়াত বিধায়ক নুৰুল হুদাৰ সন্মুখতেই এন এছ ইউ আইৰ সদস্যই অসমীয়াৰ স্বাভিমান গামোচা জ্বলাই দিয়াৰ প্ৰতিবাদত সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ বিভিন্ন আঞ্চলিক সমিতিয়ে কাৰ্যালয়ৰ সন্মুখত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

আনহাতে পৰিষদৰ প্ৰতিজন সদস্যই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি ধেমাজি জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক বিষ্ণু শৰ্মাই জানিবলৈ দিয়ে।