গুৱাহাটীঃ অসমীয়া মানুহৰ প্ৰভুত্ব-নেতৃত্ব নাকচ কৰি সৰ্বভাৰতীয় দাদাগিৰী খটুৱাই বহিৰাগতৰ দাদাগিৰী খটুৱাব বিছৰা হৈছে অসমত৷ থলুৱাৰ মানুহৰ ওপৰত বহিৰাগতৰ দপদপনি বৃদ্ধি পাইছে৷ এয়া হৈছে আৰ আৰ এছৰ ডিজাইন৷ এই বিস্ফোৰক মন্তব্য কৃষক নেতা অখিল গগৈৰ৷

কৃষক মুক্তি সংগ্ৰম সমিতিৰ মহানগৰীৰ গান্ধীবস্তীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক নেতাগৰাকীয়ে বিজেপি আৰু আৰ আৰ এছক তীব্ৰ সমালোচনা কৰে৷ বিজেপি আৰ এছ এছ শাসনত অহাৰ পাছৰে পৰা খিলঞ্জীয়াক দবাব আৰু বহিৰাগতক ওপৰত তুলিবলৈ ব্যাপক প্ৰচেষ্টা হাতত লোৱা বুলি অভিযোগ কৰে কৃষক নেতা অখিল গগৈয়ে৷

বহিৰাগত ব্যৱসায়ীৰ দম বৃদ্ধি পাইছে৷ দাদগিৰী আৰম্ভ হৈছে৷ বিজেপি আৰু আৰ আৰ এছে অসমীয়া জাতীয়তাবাদ-আঞ্চলিকতাবাদ তলত নমাই শেষ কৰি ৰাষ্ট্ৰীয়তাবাদ নতুবা হিন্দুত্ববাদ ওপৰত ৰাখিবলৈ খোজে৷ এইটো হৈছে আৰ আৰ এছৰ ডিজাইন৷

নেতাগৰাকীয়ে কাশ্মিৰৰ প্ৰসংগ উল্লেখ কৰি আৰ্টিকুল-৩৭০ আঁতৰাবলৈ বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি ২০১৪ চনৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলোৱা বুলি কয়৷ কাশ্মিৰত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰা এটা দফাৰ কথাও উল্লেখ কৰে অখিলে৷ কিন্তু সেই দফাটো পৰিহাৰ কৰি থলুৱা লোকৰ হাতৰ পৰা ক্ষমতা কাঢ়ি আনিবলৈ চেষ্টা কৰা বুলি কয়৷

ভাৰতৰ বিভিন্ন ৰাজ্যত থলুৱা শক্তিক আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰিব খোজা বুলি কৃষক নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে৷ যাৰ বাবে অসম সহিতে ১১ ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিছে বিজেপিয়ে৷ অসমৰ তৈল ক্ষেত্ৰ নিলে৷ নদী সংযোগ কৰি পানী নিব বিছৰা হৈছে৷ যাৰ জৰিয়তে ভাৰতৰ ৰাজ্য সমূহৰ জাতীয়তাবাদ ধ্বংস কৰিব বিছৰা হৈছে৷ দলিতৰ ওপৰত আক্ৰমণ কৰা হৈছে৷

সংৰক্ষণ ব্যৱস্থা শেষ কৰিব বিছাৰিছে৷ হিন্দুত্ব বাদৰ নামত জাতীয়তাবাদী শক্তি সমূহক ধ্বংস কৰিব বিছাৰিছে বিজেপিয়ে৷ অসমত বাংলাদেশৰ পৰা মানুহ আনি বহাবৰ বাবে হিন্দু বাংলাদেশীক উচটাই আছে৷ নাগৰিকত্ব সংশোধনি বিধেয়ক সংশোধন কৰি ১ কোটি ১৭ লাখ মানুহ অসমলৈ আনিব বিছৰা বুলি অখিলে স্পষ্ট কৰি ১৯৭১ চনৰ পাছত অহা ২০ লাখ লোকক ইতিমধ্যে নাগৰিকত্ব দিব ওলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ৰাজ্য কপোৱা নগাঁও কাণ্ড আৰু মহানগৰীৰ আমচাঙৰ উচ্ছেদক অভিযান সন্দৰ্ভত কৃষক নেতা অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থলুৱা লোকক উচ্ছেদ আৰু নগাঁৱত থলুৱাৰ ওপৰত বহিৰাগতৰ আক্ৰমণ চলিছে বুলি কয়। চিলাপথাৰ কাণ্ড আৰু নগাঁও কাণ্ডৰ মিল থকা বুলিও কয় গগৈয়ে৷

এয়া জাতীয়তাবাদৰ বাবে প্ৰত্যাহ্বান বুলিও কয় অখিল গগৈয়ে। চিলাপথাৰ কাণ্ড আৰু নগাঁও কাণ্ডত সন্দেহযুক্ত হিন্দু বাংলাদেশী জড়িতৰ থকাৰো অভিযোগ কৰে কৃষক নেতাগৰাকীয়ে।

নগাঁও কাণ্ডক লৈ এটা শব্দও কোৱা নাই হিমন্তই, থলুৱা আৰু জাতীয়তাবাদক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ এয়া, সমগ্ৰ ভাৰততে আঞ্চলিকতা ধ্বংসৰ অভিযানত নামিছে বিজেপিয়ে৷ এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ দল-সংগঠন, আঞ্চলিকতাবাদী শক্তিক একত্ৰিত হৈ বহিৰাগত শক্তি তথা আৰ আৰ এছৰ ডিজাইনৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায় অখিল গগৈয়ে।