বৰপেটাঃ নামনি অসমৰ বৰপেটাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশাল সমাৱেশ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবাটাও দাবীৰ সমৰ্থনত সংগঠনটোৰ আহ্বানত পুৱাৰে পৰা বৰপেটাৰ বামুন দংৰাত কেইবাসহস্ৰাধিক লোক সমবেত হয়৷

কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ সভাপতি মাধৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীক বহিষ্কাৰ কৰা দাবীত সমাৱেশ অনুষ্ঠিত হয়৷

সমাৱেশত কৃষক নেতা অখিল গগৈ উপস্থিত থাকি অচিৰেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে৷ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে স্বদেশী-বিদেশী চিনাক্তকৰণ কৰি বহিস্কাৰ কৰিব লাগিব বুলি হুংকাৰ দিয়ে৷

অখিলে বাংলাদেশ আৰু নেপালৰ লগত বিদেশী প্ৰত্যাৰ্পণ চুক্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। সকলো বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কোনো নতুন বিদেশীক গ্ৰহণ নকৰিবলৈও সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে৷ সমাৱেশত কৰ্ণাটকৰ বিশিষ্ট সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডকো অখিলে গৰিহণা দিয়ে৷ হিন্দু-মুছলমান সকলো ধৰ্মীয় মৌলবাদ, সন্ত্ৰাসবাদ আৰু ফেচিবাদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰে।

আনহাতে, ৰাজ্যৰ আগশাৰীৰ দৈনিক বাতৰি কাকত প্ৰতিদিন সংবাদগোষ্ঠীক ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অশালীন শব্দ প্ৰয়োগেৰে আক্ৰমণ কৰা ঘটনাক গৰিহণা দি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৱল প্ৰতিদিনৰ ওপৰতে নহয়, বিজেপিৰ হৈ সঁচাক মিছা, মিছাক সঁচা কৰি প্ৰচাৰ নকৰা সংবাদ গোষ্ঠীসমূহৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰা বুলি কয় অখিলে৷ এয়া দেশৰ সংবাদজগতৰ ওপৰত শাসকগোষ্ঠীৰ আক্ৰমণ আখ্যা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সমাৱেশত উপস্থিত থাকে গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক হুছেইন মহম্মদ চাজাহানে। অখিল গগৈয়ে অসমৰ সকলো খেতিয়কক উপযুক্ত পৰিমাণৰ মাটি প্ৰদান, পথাৰত পানী যোগান, একেডৰা মাটিত বছৰত তিনিবাৰকৈ খেতি কৰিব পৰা কৰিব পৰা কৰি তোলাতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সপোন বুলি কয়৷