
ৰঙিয়াঃ ৰঙিয়াত বিদ্যুৎ বিভাগৰ বিষয়াৰ সৈতে ঠিকাদাৰৰ ঘনিষ্ঠতাত দুৰ্নীতি লহপহকৈ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰি ছটাকৈ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
অসম শক্তি বিতৰণ কোম্পানীৰ ৰঙিয়া বিদ্যুৎ চক্ৰৰ উপ মহা প্ৰৱন্ধক অৰূপ বৰুৱাৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে সংগঠনকেইটাই। প্ৰতিবাদকাৰীয়ে নিবিদা অবিহনে ঘনিষ্ঠ ঠিকাদাৰক কেইবা লক্ষাধিক টকাৰ ঠিকা আবন্টন দিয়াৰ অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীৰ বিৰুদ্ধে।
বিষয়াগৰাকীৰ অৱহেলাৰ বাবেই ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱাত খামখেয়ালিৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰা সংগঠনকেইটাই। বিদ্যুতৰ লুকা-ভাকুৰ উপৰিও কম ভল্টেজ যোগান ধৰা বিভাগটোৰ পৰা দুৰ্নীতি পৰিহাৰ কৰাৰ দাবী জনায়।
ৰাইজৰ সমস্যাক আওকাণ কৰি বিষয়াগৰাকীয়ে কাৰ্যালয় স্থানান্তৰ কৰাতহে গুৰুত্ব দিয়া বুলি ছাত্ৰ সংগঠন কেইটাই অভিযোগ উত্থাপন কৰে।
কাৰ্যসূচীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ব্যৱসায়ী সন্থা আৰু ৰাইজে অংশগ্ৰহণ কৰে।