আমগুৰিঃ এগৰাকী পুৰুষৰ মৰসাহে কাল হ’ল৷ কোলাত কেচুৱা লৈ ৰখাই থোৱা ৰেলৰ তলেৰে পাৰ হ’ব খোজোতেই প্ৰাণ গ’ল লোকজনৰ৷ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত৷ বুধবাৰে নিশা আমগুৰি ৰেল জংচনৰ সমীপতে সংঘটিত হয় এই অঘটন।

নিজ বাসগৃহৰ সমুখতে ৫ বছৰীয়া সন্তান কোলাত লৈ ৰেললাইন পাৰ হ’ব খোজে বিজু বৰা নামৰ লোকেজনে৷ কিন্তু সেই সময়ত এখন দীঘল মালবাহী ৰেল ৰখাই থোৱা প্ৰত্যক্ষ কৰে৷ বহু দুৰ খোজকঢ়াৰ পৰিবৰ্তে ৰখাই থোৱা মালবাহী ৰেলৰ তলেৰে পাৰ হ’বলৈ চেষ্টা কৰে৷

কোলাত কেচুৱাটো লৈ পাৰ হ’ব খোজেতেই ৰেল খন চলিবলৈ আৰম্ভ কৰে৷ বিজু বৰাই কেচুৱাটো কেনেবাকৈ পাৰ কৰি দিবলৈ সক্ষম হয় যদিও ৰেলে তেওক মহতিয়াই নিয়ে৷ ফলত তেওৰ থিতাতে মৃত্যু হয়৷

বিজু বৰাৰ বয়স আছিল ৩৫ বছৰ। ৰেল লাইন পাৰ হওঁতেই এই অঘটন সংঘটিত হয়৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে লোকজনৰ ৫ বছৰীয়া সন্তানটো। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হয়। ঘৰৰ সমীপতে উদযাপন কৰা শিৱৰাত্ৰী পূজাৰ অনুষ্ঠানলৈ যাবৰ বাবে সন্তানসহ ঘৰৰ পৰা ওলাই গৈছিল বিজু বৰাই।