চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজে অহা ১২ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক তুলসী প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব৷ অনুষ্ঠানত পুৱা ধৰ্মধব্বজা উত্তোলন কৰিব ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি ধৰণীধৰ খাউণ্ডে৷ পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব যোগেন্দ্ৰ শৰ্মাই৷ 

পুৱা ১০বজাত অনুষ্ঠিত হ'বলগীয়া সংকল্পিত মাংগলিক কাৰ্য শুভাৰম্ভ কৰিব প্ৰদীপ কুমাৰ শৰ্মাই৷  প্ৰতি বছৰৰ দৰে বিষ্ণুৰ চৰণত তুলসী প্ৰদান অনুষ্ঠানত পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত সমূহ ৰাইজৰ উপস্থিতি পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ সভাপতি দুলাল শৰ্মা আৰু সম্পাদক তীৰ্থ খাউণ্ডে কামনা কৰিছে৷