
কাকপথাৰঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উক্তীৰ্ণ হোৱা কাকপথাৰৰ চন্দ্রকমল বড়াক কাকপথাৰ কনিষ্ট মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা ও অভিনন্দন জনোৱা হয়৷
ৰত্নেশ্বৰ দওদেৱে সভাপতিত্ব কৰা সভাত পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ,বিশিষ্ট ব্যক্তি ডাঃ অজিত বৰুৱা, অমৰৰঞ্জন দুৱৰা , যোগ্য ফুকণ, কাকপথাৰ উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষাৰ লগতে কাকপথাৰ অঞ্চলৰ শিক্ষক সমাজ আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্হিত থাকে৷ উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলক উদ্যেশ্য কৰি এক মূল্যবান বক্তৃতা প্ৰদান কৰে চন্দ্ৰকমল বড়াই৷
উক্ত সভাতে পৰিষদৰ তৰফৰ পৰা এখন ফুলাম গামোচা ,চেলেং চাদৰ, সম্বৰ্ধনাপত্র ,এটা জাপি,এটা ফটো এলবাম প্ৰদান কৰে ৷ ইয়াৰউপৰিও কাকপথাৰ কনিষ্ট মহাবিদ্যালয়,কাকপথাৰ বালিকা বিদ্যালয়, ৰাধাকৃষ্ণণ একাডেমি কাকপথাৰ লগতে কেইবাখনো বিদ্যালয়ে অভিনন্দন জনায়৷ এই সভাতে চন্দ্ৰকমলৰ পিতৃ উমেশ বড়াকো সম্বৰ্ধনা জনোৱা হয়৷ সভা সমাপ্ত হোৱাৰ প্ৰাক্ মূহুৰ্তত পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ ভাৰপ্রাপ্ত সভাপতি মনোজ তালুকদাৰ আৰু ভাৰপ্রাপ্ত সাঃসম্পাদক মিন্টু গোহাঁইয়ে সভাখন আঁত ধৰে লগতে শলাগৰ শৰাই আগবঢ়ায়৷
কাকপথাৰৰ পৰা তোলন গোহাঁই