newsnextone.com | হোজাইঃ বুধবাৰে হোজাই আৰক্ষীয়ে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে তদন্ত আৰম্ভ কৰে৷ তাৰ লগে লগে আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীক হোজাই আৰক্ষী থানাতবৃহস্পতিবাৰে উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল৷ আৰক্ষীৰে নিৰ্দেশক উলংঘা নকৰি বৃহস্পতিবাৰে জিলী চৌধাৰীৰ  সৈতে উপস্থিত হয়  অৰ্ধেন্দু দে’ই৷

উল্লেখ্য যে, ৮ মে’ত প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ই হোজাইৰ এখন সভাত অংশ লৈ ২০ বছৰ আগৰ আৰু এতিয়াৰ দিন একে নাই বুলি কৈ ২০ বছৰ আগত আমাৰ পিছত কোনো নাছিল বুলি কয়৷ এতিয়া আমি কাকো ভয় নকৰো, কেৱল দুই–চাৰিজনৰ দল লৈয়েই অসম নহয়, বহুতক লৈ গঠিত হৈছে অসম ৰাজ্য বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে৷ 

নেতাগৰাকীয়ে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সমগ্ৰ অসমতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ। 

সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক অসম খনক অগ্নিগৰ্ভা পৰিস্থিতিৰ দিশলৈ নিনিবলৈ সকীয়াই দিয়ে ৰাইজে৷ আনহাতে, ধেমাজি নগৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে ৰাজেন গোহাঁই আৰু অৰ্ধেন্দু দে’ক মেখেলা পিন্ধাই আৰু জোতা-চেন্দলৰ মালা পিন্ধাই প্ৰতিকৃতি দাহ কৰে বুধবাৰে৷ মন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰতিবাদ জনাই তদন্ত কৰাৰ দাবী উত্থাপন কৰে৷ বৃহস্পতিবাৰে হোজাই থানাত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ উপস্থিত হোৱাৰ পিছতে বহু সময় জেৰা কৰে৷ আৰক্ষীয়ে মন্তব্যৰ প্ৰকৃত উদ্দেশ্য কি আছিল তাকে লৈ প্ৰশ্ন কৰে৷