
লিডুঃ ভাৰতীয় সেনাই ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ কৰিলে পানী যোগান আঁচনি৷ সদ্ভাৱনা আঁচনিৰ ধনেৰে তিনিচুকীয়া জিলাৰ দুৰ্গম চিপে গাঁৱত ছাত্ৰ-ছাত্ৰীৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰে সেনাই৷
দেশৰ সীমান্তৰ দুৰ্গম এলেকাত ভাৰতীয় সেনাই বঞ্চিত-অৱহেলিত লোকসকলক সেনাৰ সদ্ভাৱনা আঁচনিৰ জৰিয়তে সহায় কৰি আহিছে৷ যাতায়াত, বিশুদ্ধ খোৱাপানী, মহিলাৰ উপাৰ্জনৰ সামগ্ৰা, পোহৰৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ স্কুল গৃহ, চাইকেল আস্থান, প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণ কৰি সহায় কৰি আহিছে ভাৰতীয় সেনাই৷
দেশৰ জনসাধৰণক সীমাৰ সিপাৰৰ শত্ৰুৰ পৰা ৰক্ষা কৰাৰ লগতে দেশৰ নাগৰিকক বিভিন্ন ধৰণে সহায় কৰি আহিছে সেনাই৷ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত চিপে গাঁৱত ভাৰতীয় সেনাৰ ১৩নং কুমাও ৰেজিমেন্টে নিৰ্মাণ কৰে দুটাকৈ পানী যোগান আঁচনি৷ চিপে গাঁৱত ৰাজহুৱা নামঘৰ প্ৰাংগনত আৰু আনটো গাঁও খনৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰে৷
উল্লেখ্য যে, সেনাবাহিনী আৰু সাধাৰন ৰাইজৰ মাজত এক যোগসুত্ৰ স্থাপনৰ মাধ্যমত সামাজিক সমস্যা সমাধান কৰাৰ বাবে সেনাৰ সদ্ভাৱনা আঁচনিৰ জৰিয়তে বিভিন্ন কল্যানমূলক কাম কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিছিল৷
শনিবাৰে দুই শতাধিক ৰাইজৰ উপস্থিতিত পানী যোগান আঁচনি সেনা বিষয়াই উদ্ধোধন কৰে৷ সেনাৰ এনে কাৰ্যৰ শলাগ লোৱাৰ লগতে সেনাৰ জোৱানসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনাই ৰাইজে৷