কাছাৰঃ তিনিহাজাৰ টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশৰ নাগৰিকে৷ উন্মুক্ত সীমান্তৰে যেতিয়াই ইচ্ছা তেতিয়াই দালালৰ সহায়ত ভাৰতত সোমাই বেহা-বেপাৰ কৰাৰ লগতে থাকিব পাৰে নিগাজিকৈ৷

কৰিমগঞ্জত ৰেল আৰক্ষীয়ে আজি দুজনকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ পাছতে এই ভয়াৱহ সত্য পোহৰলৈ আহে৷ ৰাজ্যত বাংলাদেশী বিতাড়নৰ বাবে কেইবাটাও দশক ধৰি আন্দোলন অব্যাহত আছে  যদিও বিতাড়নটো দূৰৈৰ কথা প্ৰতিদিনে বাংলাদেশীয়ে ৰাজ্যত অনুপ্ৰৱেশ কৰিহে আছে৷

ৰুবেল আহমদ আৰু সামিম আহমদ নামৰ বাংলেদেশৰ ছিলেট জিলাৰ জকিগঞ্জৰ নয়াগ্ৰামৰ লোক দুজনে আজি সন্দেহজনকভাৱে কৰিমগঞ্জ ৰেল ষ্টেশ্যনত ঘূৰি থাকোতেই কৰিমগঞ্জ আৰক্ষীয়ে সোধপোছ কৰাত উৰহীৰ ওৰ ওলাই পৰে।

মাথো ৩ হেজাৰ টকাৰ বিনিময়ত দালালে লৈ অহা বুলি প্ৰকাশ কৰে ধৃত লোক দুজনে৷ তেওঁলোকৰ পৰা জব্দ কৰা হয় বাংলাদেশী ছিমকাৰ্ড, বাংলাদেশী, কাতাৰ আৰু ওমানৰ নোট৷ দালালৰ জৰিয়তে যোৱানিশা তেওঁলোকে মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল৷ অৱশেষত কৰিমগঞ্জ ৰেল ষ্টেশ্যনত ৰেল আৰক্ষীৰ সহায়ত আৰক্ষীৰ জালত পৰে লোক দুজন৷