
বঢ়মপুৰঃ চামগুৰিৰ লৰিৰমুখত ২ অক্টোবৰৰ নিশা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ ওভটাৰ পথতে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল আব্দুল কুদ্দুচ আৰু মস্ফিকুল ৰহমান নমৰ দুই পিতা-পুত্ৰক৷ যাৰ ফলত দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল পিতা-পুত্ৰৰ৷
আনহাতে এই ঘটনা সন্দৰ্ভত নিহত লোকৰ পৰিয়ালে অভিযোগৰ আঙুলি টোৱাইছিল আব্দুল কুদ্দুচৰ ভাতৃ আকবৰ আলীলৈ৷ পৰিয়ালটোৱে ঘটনাৰ সতে ১২ জন লোক জড়িত থকা বুলি সন্দেহ কৰিছিল৷ কিন্তু আৰক্ষীয়ে ঘটনাৰ সতে জড়িত কোনো লোকক আটক নকৰাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে স্থানীয় ৰাইজে চামগুৰিৰ কাৱৈমাৰি আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷
ইয়াৰ পাছতে ৰাইজৰ ৰোষত পৰাৰ আশংকাত তৎপৰ হৈ পৰে আৰক্ষী৷ দেওবাৰে নিশাই আৰক্ষীয়ে অভিযান চলাই তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সোমবাৰে নিশাও অভিযান চলোৱাত ঘটনাত ব্যৱহৃত চোকা অস্ত্ৰৰ সৈতে মূল অভিযুক্ত আকবৰ আলী আৰক্ষীৰ জালত পৰে৷
চামগুৰিৰ কাৱৈমাৰি আৰক্ষীয়ে মূল অভিযুক্ত আকবৰ আলী সহ মুঠ ১১ জনক আটক কৰিবলৈ সক্ষম হয়৷ ইফালে ধৃত আকবৰ আলীক হত্যাকাণ্ডটিৰ সন্দৰ্ভত জেৰাৰ বাবে আৰক্ষীয়ে নিশাই কলিয়াবৰলৈ লৈ যায়৷