গৰৈমাৰীঃ ৰাজ্যত বৃদ্ধি পাইছে নাৰীদেহ ব্যৱসায়৷ কিশোৰী-যুৱতীৰ জীৱন ধ্বংস কৰি নাৰী ব্যৱসায়ী চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাঘমাৰাত বুধবাৰে নিশা এটা নাৰীদেশ ব্যাৱসায়ী চক্ৰক আটক কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে৷

গাঁওৰক্ষী বাহিনীয়ে বাঘমাৰা গাঁৱৰ ছফিয়া খাতুন নামৰ মহিলা গৰাকীৰ গৃহত গোপন সূত্ৰৰ পম খেদি অভিযান চলায়৷ ছুফিয়া খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত গোপনে বাহৰ পাতি থকা এটা নাৰীদেহ ব্যৱসায়ী চক্ৰটোক স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ধৰি আৰক্ষীক খবৰ দিয়ে৷

গাঁওৰক্ষী বাহিনীয়ে ঘোৰামাৰাৰ ছাহজাহান আলী, বাঘমাৰাৰ চহিদুল ইছলাম, কয়েদ আলী, মহিমাৰীৰ আজিবৰ ৰহমানৰ লগতে ছুফিয়া খাতুনক আটক কৰাৰ লগতে নাৰীদেহ ব্যৱসায়ৰ বাবে লৈ অনা পিংকি দাস নামৰ এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰা নাৰীদেহ ব্যৱসায় চক্ৰটোক জোৰশিমুলী আৰক্ষীক গটাই দিয়ে৷ ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহিনীয়ে ইতিমধ্যে জোৰশিমুলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ ৰাইজে অভিযোগ কৰে যে ছুফিয়া খাতুনৰ গৃহত এটা চক্ৰই দীৰ্ঘ দিন ধৰি চলাই আহিছে এনে অনৈতিক কাৰ্যকলাপ৷

মহানগৰীৰ লগতে বিভিন্ন স্থানৰ পৰা কিশোৰী-যুৱতী আনি ছুফিয়া খাতুনৰ গৃহত চলাই আহিছে নাৰীদেহ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰা বুলি অভিযোগ তুলি অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে স্থানীৰ ৰাইজে৷

সম্প্ৰতি নাৰীদেহ ব্যৱসায়ত জড়িত থকা লোককেইজনক জোৰশিমুলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷