শিৱসাগৰ/দিচাংমুখঃ আটক হল দীক্ষাৰ হত্যাকাণ্ডৰ মূল খলনায়ক৷ দুই সন্তানৰ মাতৃ শিৱসাগৰৰ দীক্ষা ৰাজকুমাৰী নামৰ মহিলা গৰাকীক হত্যাৰ অভিযোগত আৰক্ষীয়ে স্বামী ৰাজীৱ বৰগোঁহাইক আটক কৰিছিল৷ কিন্তু দীক্ষা কাণ্ডৰ অৱসান ঘটাই শেষত শিৱসাগৰ আৰক্ষীয়ে অতি কৌশলেৰে দীক্ষা হত্যাৰ মূল অভিযুক্ত প্ৰাঞ্জল শইকীয়া নামৰ ব্যক্তি গৰাকীক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত অপৰাধীজন জম্মু কাশ্মীৰত বিএছএফত কৰ্মৰত জোৱান৷ 

শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ শৰ্মাৰ নেতৃত্বত শিৱসাগৰ টাউন উপপৰিদৰ্শক উত্তম তামাঙ সহিতে  চলাই থকা তদন্তৰ ফলত আজি অতি কৌশলেৰে দীক্ষাৰ মূল হত্যাকাৰী জনক গ্ৰেপ্তাৰ কৰি বৰ্তমান শিৱসাগৰ সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত দীক্ষাক দিন দুপৰতে ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে প্ৰাঞ্জল শইকীয়া নামৰ হত্যাকাৰী জনে৷

উল্লেখ্য যে, কেন্দ্ৰীয় বজাৰৰ সমীপৰ হামিদা বেগমৰ ভাৰাঘৰত তলাবন্ধ কোঠাত ১১ আগষ্টত উদ্ধাৰ হৈছিল দীক্ষা ৰাজকুমাৰীৰ উলংগ মৃতদেহ। চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ জীয়ৰী দীক্ষা ৰাজকুমাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷

লাকুৱা মাউত গাঁও নিবাসী ৰাজীৱ বৰগোঁহাইৰ সৈতে ১২ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দীক্ষা৷ গুৱাহাটী বেলতলা নিবাসী ৰাজীৱে দ্বিতীয় বিবাহ কৰাক কেন্দ্ৰ কৰি দীৰ্ঘ দিনে স্বামীৰে মতানৈক্য চলি আছিল দুই সন্তানৰ মাতৃ দীক্ষা ৰাজকুমাৰীৰ৷

যাৰ বাবে মথুৰাপুৰৰ পৰা আহি ১৯ জুলাইত শিৱসাগৰত উপস্থিত হৈ দীক্ষা ৰাজকুমাৰীয়ে শিৱসাগৰৰ চাহিৰ আহমেদ নামৰ এয়াৰটেল বিতৰক গৰাকীৰ প্ৰতিষ্ঠানৰ কৰ্মত যোগদান কৰাৰ লগতে ভাৰাতীয়া হিচাপে থাকিব লৈছিল হামিদা বেগমৰ বাসগৃহত৷ কিন্তু ৰহস্যজনকভাৱে চাৰিদিন পূৰ্বৰ পৰা সন্ধানহীন হৈ থকা দীক্ষাৰ নগ্ন মৃতদেহ ১১ আগষ্টত আৰক্ষীয়ে উদ্ধাৰ কৰে। ‌

ইয়াৰ পাছৰ পৰাই শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জাকিৰ হুছেইনৰ নেতৃত্বত তদন্ত আৰম্ভ হৈছিল আৰু এই হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত দীক্ষাৰ স্বামীকে ধৰি দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু তদন্তত বিশেষ সফলতা লাভ কৰিব নোৱাৰি অৱশেষত ঘটনাটোৰ ভাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ শৰ্মাক প্ৰদান কৰা হয়৷

সম্প্ৰতি শৰ্মাৰ নেতৃত্বত তদন্ত আৰম্ভ কৰি ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ মূল হত্যাকাৰীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনি মাহ জোৰা উৎকন্ঠাৰ অৱসান ঘটাবলৈ সক্ষম হয়৷

ইফালে অভিযুক্ত প্ৰাঞ্জল শইকীয়াই সাংবাদিক আগত নিজকে নিৰ্দোষী বুলি কয় আৰু আৰক্ষীয়ে জোৰ কৰি এই হত্যাকাণ্ডৰ লগত তেওঁক চামিল কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে। লগতে আদালত তেওঁ সকলোবোৰ কথা স্পষ্ট কৰিব বুলিও জনায়।