ডিফুঃ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ৰবৰ বাগানৰ কৰ্মচাৰীক ধনদাবী কৰা ৬ দূৰ্বৃত্তক আৰক্ষীয়ে আটক কৰে৷

যোৱা ২২ আগষ্টত কোনো অচিনাক্ত লোকে কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মাঞ্জা থানাৰ অন্তৰ্গত ৰবৰ বাগানৰ ফাৰ্মৰ কৰ্মচাৰীক ধন দাবী কৰে৷

মাঞ্জা আৰক্ষীয়ে ৰবৰ বাগানৰ ফাৰ্মত অভিযান চলাই ফাৰ্ম খনত একাউণ্টেণ্টৰ কাম কৰা প্ৰেম চিং নামৰ কৰ্মচাৰীৰ ওচৰত ধনদাবী কৰা মোবাইল নম্বৰ ৯৮৫৪৭৩৪৯৩৯ লাভ কৰে৷ নম্বৰৰ আঁতধৰি মাঞ্জা আৰক্ষীয়ে জন টকবী, বিষ্ণু ইংতি, ৰাজেশ্বৰ বে নামৰ ৪গৰাকী প্ৰাক্তন কেপি এলটি সদস্যক আটক কৰাৰ লগতে ফাৰ্ম খনৰ কৰ্মচাৰী প্ৰেমচিং আৰু বিকাশ দাসক আটক কৰিবলৈ সক্ষম হয়৷

বিকাশ দাসে ধনদাবী পত্ৰ তৈয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে পিডিচিকে আৰু কেপিএলটিৰ উগ্ৰপন্থী সংগঠনৰ নামৰ উকা জেৰক্স লেটাৰপেড, ধনদাবীত ব্যবহাৰ কৰা ৯৮৫৪৭৩৪৯৩৯ চীমকাৰ্ড সংলগ্ন এটা মোবাইল হেণ্ডছেট আৰু ধনদাবী পত্ৰ তৈয়াৰত ব্যৱহৃত এটা কম্পিউটাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(খ) আৰু ৩৮৭-৪২-১৭ নম্বৰত গোচৰ ৰুজু কৰে৷