
ধিংঃ ধনৰ বাবে সংঘটিত হয় দেহ ব্যৱসায়৷ অসামাজিক, অ-মানবীয় কিম্বা জঘন্য, যিয়েই নকওক, এচাম নাৰীয়ে সমাজৰ একাংশ পুৰুষৰ হাতত অনিচ্ছা সত্বেও নিজক সপি দি চলাই আছে পৰিয়াল৷
কিন্তু বন্ধ কোঠাত নচলি, যদি এনে বৃত্তি চলে ৰাজহুৱা স্থানত তেন্তে এয়া সমাজৰ কাৰণে হৈ পৰে ক্ষতিকাৰক আৰু দুৰ্ভাগ্যজনক৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাজহুৱা অঞ্চলত অসামাজিক কাম কৰি ৰাইজৰ ৰোষত পৰিল যুৱক-যুৱতী৷
শনিবাৰে নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ গড়কাপ্তানী পথৰ পৰা বগৰী গুৰি সংযোগী এক ভিতৰুৱা পথত এখন ৰৈ থকা টেম্পো প্ৰত্যক্ষ কৰে পথাৰত কাম কৰি থকা কিছু লোকে।
টেম্পোখনৰ ওপৰত সন্দেহ হোৱাত তেওঁলোকে টেম্পোখনৰ কাষ চাপি আহি এহাল যুৱক-যুৱতীক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে৷ লগে লগে যুৱকজনে পলায়ন কৰে যদিও ৰাইজে যুৱতীগৰাকীক আৰু ড্ৰাইভাৰ অাশ্ৰাদুল হকক আটক কৰিবলৈ সক্ষম হয়৷
ৰাইজৰ জেৰাত যুৱতীগৰাকীয়ে ধনৰ বিনিময়ত এনে দুস্কাৰ্য সংঘটিত কৰে বুলি স্বীকাৰ কৰে৷ আনহাতে পলায়ন কৰা ৰফিক অাহমেদ নামৰ যুৱকজনে তেওঁক ৫০০ টকাত বন্দোবস্ত কৰি আনিছিল বুলি যুৱতীগৰাকীয়ে স্বীকাৰ কৰে৷
আগতেও যুৱতীগৰাকীয়ে বহুবাৰ এনে দুস্কাৰ্য সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছিল৷ কিন্তু তাৰ পাছতো একমাত্ৰ ধনৰ অভাৱত পুনৰ এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি যুৱতীগৰাকীক পূৰ্বৰে পৰা জনা একাংশ লোকে মন্তব্য কৰে৷ স্থানীয় ৰাইজে পাছত যুৱতীগৰাকী আৰু ড্ৰাইভাৰজনক আৰক্ষীক চমজাই দিয়ে৷