13
Nov
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
ৰঙিয়াঃ শিশু দিৱস উপলক্ষে ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেটনে অনুষ্ঠিত কৰিব প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতা৷ বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতা ৰঙিয়া মহকুমা ভিত্তিত অনুষ্ঠিত হ’ব৷
দুটা শাখাত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ ১৩ নৱেম্বৰত ৰঙিয়া শংকৰদেৱ শিশু নিকেটনত দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰথম শাখাত পঞ্চমমান শ্ৰেণীৰ পৰা সপ্তমমান শ্ৰেণীলৈ আৰু দ্বিতীয় শাখাত অষ্টমমান শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিসকলে 8403855130 মোবাইলত যোগাযোগ কৰিও সবিশেষ জানিব পাৰিব৷