ৰঙিয়াঃ ৰঙিয়া শংকৰদেৱ শিশু নিকেটনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ উদ্যোগত শিশু দিৱস উপলক্ষে এখন প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰঙিয়া মহকুমা ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়।

ৰঙিয়া শংকৰদেৱ শিশু নিকেটনত দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম শাখাত পঞ্চমমান শ্ৰেণীৰ পৰা সপ্তমমান শ্ৰেণীলৈ আৰু দ্বিতীয় শাখাত অষ্টমমান শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ অনুষ্ঠিত হয়।

ৰঙিয়া মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উচ্চ শাখাত প্ৰায়ত অমৰেন্দ্ৰ শৰ্মা সোঁৱৰণী প্ৰথম পুৰস্কাৰ লাভ কৰে ৰঙিয়া ফাতেমা কনভেন্টৰ অষ্টমান শ্ৰেণীৰ ছাত্ৰ ধ্ৰুৱজ্যোতি শৰ্মাই। ৰমেশ শৰ্মা সোঁৱৰণী দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী বিস্মিতা ৰাভাই।

প্ৰয়াত দিবাকৰ কলিতা সোঁৱৰণী তৃতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ভাস্কৰজ্যোতি দাসে। আনহাতে নিম্ন শাখাত প্ৰয়াত অমৰেন্দ্ৰ শৰ্মা সোঁৱৰণী প্ৰথম পুৰস্কাৰ লাভ কৰে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ সপ্তম মান শ্ৰেণীৰ ছাত্ৰ নিয়ৰ কাশ্যপে।

প্ৰায়ত ৰমেশ শৰ্মা সোঁৱৰণী দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ ছন্দীপ ৰঞ্জন কলিতাই আৰু প্ৰয়ত দীনেশ কলিতা সোঁৱৰণী তৃতীয় পুৰস্কাৰ লাভ কৰে শংকৰদেৱ শিশু নিকেতনৰ কৌশিক দাসে। প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচৰ্য্য দিলীপ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সভাত বটাঁ সমূহ প্ৰদান কৰা হয়।