তিনিচুকীয়াঃ স্বৰ্গদেউ চ্যুকাফাই সপোন দেখিছিল সাত ৰাজমাৰি এক ৰাজ গঢ়াৰ৷ সাত গৰাকী জনজাতীয় মুৰব্বী তথা ‘সাঁত ৰজা’ক লগত লৈ মধ্যযুগৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা চলিছিল স্বৰ্গদেউ চ্যুকাফাই৷ মোগলক পৰাভূত কৰা তথা শাসন বিস্তাৰ কৰিব নিদি চ্যুকাফা সফল হৈছিল৷

স্বৰ্গদেউ চ্যুকাফা সাত ৰাজমাৰি এক ৰাজ গঢ়াৰ সপোন সফল নহলেও উত্তৰ পুৰ্বাঞ্চলত আজিও অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰ অব্যাহত আছে৷ তাহানীৰ বৰ অসম ভাগ ভাগ হৈ সাত খন ৰাজ্য হ’ল যদিও অসমৰ সীমাৰ সীপাৰে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধিৰ হোৱাৰ লগতে সাহিত্য চৰ্চা হৈ আহিছে৷ সীমাৰ সীপাৰে ব্যাপক হাৰত প্ৰচলিত হৈছে অসমীয়া ভাষা৷

অসমত অসমীয়া ভাষাৰ বেলি মাৰ যোৱাৰ উপক্ৰম হোৱাৰ আশংকা কৰি ৰাজ্যৰ দল-সংগঠনে সময়ে সময়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ তাৰ মাজতে চৰকাৰে ইংৰাজী মডেল স্কুল নিৰ্মাণৰ প্ৰস্তাৱ লৈ অসমীয়া ভাষাৰ শৰাধ পাতিবৰ বাবে উঠি পৰি লাগিছে বুলি কলেও বঢ়াই কোৱা ন’হব৷ বৰাক উপত্যকাৰ কথা নকলোৱেইবা৷

অসম সাহিত্য সভাৰ উপৰিও কেতবোৰ জাতীয়তাবাদী শিবিৰৰ অসমীয়া প্ৰেমী লোকৰ বাবেই যে অসমীয়া ভাষা তিষ্ঠি আছে সেয়া কোৱা নিষ্প্ৰয়োজন৷ মধ্য যুগৰ স্বৰ্গদেউ চ্যুকাফাৰ দিনৰ পৰা আৰম্ভ হোৱা অসমীয়া ভাষা-সংস্কৃতিয়ে জোনাকী, ৰামধেনু, আৱাহনৰ যুগৰ পৰা আজি ২১ শতিকা পালে৷ অসমীয়া ভাষাই আধুনিকতাৰ কৰাল গ্ৰাস আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উৎপাতত তিষ্ঠিব নোৱাৰি স্বজাতিৰ হাততে হেৰুৱাৰ উপক্ৰম ঘটা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হয়৷

চৰকাৰী কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ কেই খনত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ৰাজ পথত ওলাই আহি প্ৰতিবাদ কৰিব লগা হয়৷ সাহিত্য সভাৰ দৰে অনুষ্ঠানে ভাষাটোক কাৰ্যালয়, বাৱসায় প্ৰতিষ্ঠানত ব্যৱহাৰ কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাই ভাগৰি পৰিছে৷ আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত অসমীয়া ভাষা কোৱা মানুহ নাই বুলি কলেও ভূলকৈ কোৱা নহ’ব৷

অফিচ-কাছাৰীৰ দৰে বহুলভাৱে ব্যৱহৃত ঠাইতো ইংৰাজী ভাষাই খোপনি পুতিছে ৷ অসমত অসমীয়া ভাষাক খোদ স্বজাতিয়ে মৃত্যুমুখলৈ ঠেলি দিয়াৰ সময়তে আমালৈ শেহতীয়াকৈ আহিছে সুখবৰ৷ ভাৰতৰ পূৱ প্ৰান্তৰৰ ৰাজ্য অৰুণাচলত আজি কিছুদিনৰ পৰা চৰকাৰী কিম্বা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ব্যাপকভাৱে প্ৰচলন হৈছে অসমীয়া ভাষাৰ৷

স্বাধীনোত্তৰ কালৰে পৰা অৰুণাচল প্ৰদেশত প্ৰায় অসমীয়া ভাষা ব্যৱহৃত হৈ আহিছিল যদিও কেতবোৰ কাৰণত হিন্দী ভাষাক চৰকাৰীভাৱে গৃহীত কৰা হৈছিল ৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্যৰ তিনিচুকীয়াৰ সীমামুৰীয়া জিলা নামছাই জিলা ঘোষণা হোৱাৰ পাছৰে পৰাই জিলাখনৰ বিভিন্ন বিভাগীয় কাৰ্যালয়সমূহত অসমীয়া ভাষাক যোগাযোগ আৰু ভাৱৰ আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হৈছে৷

তদুপৰি যিসময়ত অসমীয়া মূলৰ মানুহে আমাৰ ল'ৰা বা ছোৱালীয়ে অসমীয়া নাজানে বুলি গঙাটোপ হৈ বুকু ফিন্দাই থাকে তেনেসময়তে শিক্ষিত অৰুণাচলী সমাজৰ পৰিয়ালত অসমীয়াক ঘৰুৱা ভাষা হিচাপে আদৰি লোৱা কাৰ্য নিঃসন্দেহে আদৰণীয়৷