লিডুঃ সহস্ৰ বিদ্ৰোহী নগা উগ্ৰবাদী সংগঠন এন এছ চি এনৰ লগতে আলফাৰ মুক্ত বিচৰণভূমি হিচাপে পৰিগনিত অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাত বৃহস্পতিবাৰৰ নিশাৰপৰা শুকুৰবাৰে পুৱালৈকে এন এছ চি এন(আই এম) গোটৰ আৰু  অসম ৰাইফলছৰ মাজত হোৱা সংৰ্ঘষত তিনিজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী সদস্য নিহত হয়। নিহত হোৱা উগ্ৰপন্থীৰ সদস্য কেইজনৰ ভিতৰত দুজনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এজন এন এছ চি এন (আই এম) শিবিৰৰ কেপ্টেইন এ টাংখোল বুলি জানিব পৰা গৈছে৷ 

ঘটনাৰ বিৱৰণি অনুসৰি অৰুণাচলৰ লংডিঙৰ মুক্তৱা নামৰ অঞ্চলত এন এছ চি এন আই এমৰ এটা ১২/১৪ জনীয়া উগ্ৰপন্থীৰ দল আত্মগোপন কৰি থকাৰ খবৰ ১৬ নং অসম ৰাইফলছে গোপন সুত্ৰে লাভ কৰে৷ এটা বৃহৎ দলে এলেকাটোত বাঁহৰ পতাৰ তথ্য অসম ৰাইফলছৰ হাতত আহি পৰাৰ পাছতেই ১৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে লংডিঙৰ মুক্তৱা অঞ্চলত অতৰ্কিতে অভিযান চলায়৷ অভিযানকালত দুয়োপক্ষৰ মাজত তুমুল সংৰ্ঘষৰ সৃষ্টি হয়। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়া গুলী হোৱাৰ পাছত এন এছ চি এন আই এম উগ্ৰপন্থীৰ দুজনকৈ সদস্য নিহত হয়৷

ইফালে, বৰ্তমানলৈকে চলি থকা অভিযানত আজি পুৱাৰ ভাগত আই এম উগ্ৰপন্থীৰ শিবিৰৰ এজন সন্ত্ৰাসবাদী কেপ্টেইন এ টাংখোলক সেনাই গুলীয়াই হত্যা কৰে। নিহত তিনিজন উগ্ৰপন্থী সদ্যৰ ভিতৰত বাকী দুজনৰ প্ৰকৃত পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নায়৷ নিহত উগ্ৰপন্থী ৩ জনৰ পৰা সেনাই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ২৫,০০০ হেজাৰ টকা নগদ ধন উদ্ধাৰ কৰে৷