21
May
2019

সৰ্থেৱাৰীঃ দিনটোৰ ২৪ ঘন্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা BJP চৰকাৰ দিনত ঘন্টাৰ পাছত ঘন্টা ধৰি বিদ্যুৎ নাথাকে সৰ্থাৱাৰীতl
ৰাইজৰ অভিযোগ অনুসৰি দৈনিক মাত্ৰা ৮ ৰপৰা ১০ ঘন্টাহে বিদ্যুৎ লাভ কৰে গ্ৰাহকে| যাৰ ফলত অঞ্চলতোত বাণিজ্যিক তথা ঘৰুৱা কাম-কাজত যথেষ্ট সমস্যাৰ সন্মুখিন হৈছে।
ইয়াৰ ফলত আতাটাতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল। ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিভন্ন ধৰণে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।
অঞ্চলতোৰ বিশিষ্টি সাংবাদিক হৰমোহন বৰ্মনে Facebookত 'APDCL পেৰডি’ শীৰ্ষক কবিতাৰে নিজৰ ক্ষোভ প্ৰকাশ কৰি চৰকাৰ তথা বিদ্যুৎ বিভাগৰ ফপোলা স্বৰূপ উদঙাই দিছে। ইয়াৰ বিপৰীতে একাংশ যুৱকে হাস্যকৰ কথাৰে চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰোধিতা কৰিছে।