যোৰহাটঃ অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচন থকা সংকটৰ পৰা উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় এবছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ নামৰ এটি সংগঠনৰ৷ ৰাজ্যৰ কেবাগৰাকী যুৱকে একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত এটা বছৰত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে ১৯৫১চনক ভিত্তিবৰ্ষ হিচাপে লোৱা, হিন্দু বাংলাদেশী সংস্থাপন, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷

এবছৰতে জনসাধৰণৰ আস্থাত সোমাই পৰিছে সংগনটোৱে৷ সংগঠনটোৱে অহা ২৭ নৱেম্বৰত যোৰহাটত জিলাৰ পূৱ টিয়কৰ ৰূপজ্যোতি কলামণ্ডল প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰিব৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন ভাবে অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে সংগ্ৰাম কৰি গৈছে৷ তাৰ মাজতে এবছৰ সম্পৰ্ণ কৰা সংগঠনটোৰ নেতা-কৰ্মীয়ে উৎফুল্লীত হৈ পৰিছে৷ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ২৭ নৱেম্বৰৰ পুৱা ৫ বজাত সামূহিক চাফাই অভিযানেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰা হ’ব৷ ৫.৩০ বজাত কেন্দ্ৰীয় উপদেষ্টা মেৰেণ দিহীঙ্গীয়াই বৃক্ষৰোপন কৰিব।

পুৱা ৬ বজাত কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে পতাকা উত্তোলন, ৬.৩০ বজাত মুখ্য উপদেষ্টা জীৱেশ্বৰ শইকীয়াই স্মৃতি তৰ্পন, ৭.৩০ বজাত পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰে বাইক ৰেলী আৰু গছপুলি বিতৰণ, ৮.৩০ বজাত লঘু আহাৰ গ্ৰহণ, ১০ বজাত যোৰহাট জিলাৰ উপায়ুক্তই মুখাপত্ৰ উন্মোচন কৰিব৷ ১১ বজাত "সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত জাতীয় চেতনাৰ প্ৰতি নৱপ্ৰজন্মৰ দায়বদ্ধতা" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব৷ আলোচনা সভা উদ্বোধন কৰিব সত্যকাম বৰঠাকুৰে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু খিলঞ্জীয়া মঞ্চৰ মুখ্য উপদেষ্টা অনুপ চেতিয়াই। প্ৰতিষ্ঠা দিৱসত জনতাৰ শিল্পী বিপিন চাউদাঙক সংগঠনটোৱে প্ৰদান কৰিব "অসম প্ৰেমী বঁটা" ।

সন্ধিয়া ৫.৩০ বজাত টীয়ক ৰাজহ চক্ৰৰ বিষয়া ভাষ্কৰজ্যোতি ৰাজবংশীয়ে বন্তি প্ৰজ্বলন কৰিব কৰাৰ পিছতে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব। যুৱ নাট্যকাৰ তাপস তৰুণ শইকীয়াৰ পৰিচালনাত একাংকিকা নাট প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে গীত-মাত পৰিবেশন কৰিব৷ জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈ, মহাসচিব অৰিন্দম শদিয়াখোৱা আৰু যোৰহাট জিলা সমিতিৰ সভাপতি পাৰ্থসাৰথি শইকীয়া আৰু সচিব হেমন্ত বৰাই ৰাইজক দিহা-পৰামৰ্শ প্ৰদানৰ লগতে উপস্থিতি কামনা কৰিছে৷