গোলকগঞ্জঃ ধুবুৰীত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান৷ ইতিমধ্যে ধুবুৰীত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে সামৰণি অনুষ্ঠানৰ৷ তাৰ মাজতে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে ধবুৰী জিলা ভ্ৰমণ কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় সোমবাৰে৷

সভাৰ প্ৰধান সম্পাদক পৰনমান্দ ৰাজবংশীৰ নেতৃত্বত উপস্থিত হোৱা দলটোৱে ধুবুৰীৰ কেইবাঠাইত সভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে মুখামুখী হয়৷ অনুষ্ঠানত ৰাইজৰ সহায় সহযোগ কামনা কৰে শতবৰ্ষ অনুষ্ঠানত৷ সাহিত্য সভাৰ দলটোৱে শতবৰ্ষ সামৰণি অনুষ্ঠান সুন্দৰ কৰি তোলা হ’ব বুলি কয়৷

ধুবুৰীত সামৰণি পৰিবলগীয়া অনুষ্ঠাত সাহিত্য অকাডেমীয়ে প্ৰথিতযশা সাহিত্যিক, জ্ঞানপিঠ বঁটা বিজয়ীক প্ৰেৰণ কৰিব বুলি কয়৷ নামনি অসমৰ কলা সংস্কৃতিক দেশত চিনাকি কৰাই দিব বুলিও বুলিও কয় দলটোৱে৷ ধুবুৰী, গৌৰিপূৰ আৰু গোলকগঞ্জত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী উপস্থিত থকাৰ লগতে সাংবাদিক অৰ্ণৱ গোস্বামীও উপস্থিত থাকিব৷ অহা ২৪ ডিচেম্বৰত মহানগৰীৰ লতাশিল খেল পথাৰৰ পৰা সাহিত্য সভাই সাহিত্যিক লেখক সহিতে সদ্ভৱনা যাত্ৰা উলিয়াই প্ৰচাৰ আৰম্ভ কৰিব৷