
#কবি গণেশ গগৈৰ কবিতাৰে বাজেট ভাষণৰ সামৰণি৷
#আত্ম-সহায়ক গোটৰ ষ্টাম্প টেক্স ৰেহাই৷
#ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ ৰেহাই৷
#মাল্টিপ্লেক্সৰ কৰ ৰেহাই৷ হিন্দী চিনেমাৰ পৰিৱৰ্তে চলাব লাগিব অসমীয়া ছবি৷
#বালি আহৰণৰ বাবে ১০১ টা ক্ষেত্ৰৰ সন্ধান কৰা হ’ব৷
#ফৰেষ্টৰ বাহিৰৰ বালি মহলত ফৰেষ্টৰ কৰ্তৃত্ব নাথাকিব৷
#মৌজাত ব্যৱহাৰ হ’ব কম্পিউটাৰ৷
#অনলাইনযোগে হ’ব ভূমিৰ শ্ৰেণী বিভাজন৷
#আবকাৰী বিধিৰ সংশোধনৰ ফলত বৃদ্ধি পাইছে ৰাজহ৷
#উচ্চতম ন্যায়ালয়ত চলি থকা প্ৰৱেশ কৰ গোচৰত জয় লাভৰ পিছতে ৪০০ কোটি টকাৰ অতিৰিক্ত ৰাজহ লাভ৷
#এপইছাও নতুন কৰৰ প্ৰস্তাৱ নাই বাজেটত৷
#শ্ৰীৰামপুৰ, বক্সিৰহাটৰ চেকগেট বিলুপ্তিকৰণৰ প্ৰস্তাৱ৷
#স্বায়ত্ব শাসিত অঞ্চলত ৰাজ্য চৰকাৰৰ সহযোগত সুকীয়াকৈ হ’ব টেট পৰীক্ষা৷
#কাৰ্বি আংলঙত স্থাপন হ’ব চৰকাৰী বিজ্ঞান মহাবিদ্যালয়৷
#বড়োলেণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে অতিৰিক্ত ২৫ কোটি প্ৰদানৰ প্ৰস্তাৱ৷
#বিটিএডিলৈ বিত্ত বিভাগৰ বাজেটৰ পৰা ২০০ কোটিৰ এককালীন সাহায্যৰ প্ৰস্তাৱ৷
#অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ স্মাৰক স্থাপনৰ প্ৰস্তাৱ৷
#২০১৮ৰ ভিতৰত নিষ্পত্তি হ’ব পেন্সন সম্পৰ্কীয় সকলো বিবাদ৷
#অসম অসামৰিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ৷
#তথ্য প্ৰযুক্তি বিভাগলৈ ৭৮ কোটি আৱণ্টন৷
#সকলো ক্ষেত্ৰতে ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনত গুৰুত্ব৷
#ৱাই-ফাই থকা জিলা হ’ব মাজুলী৷
#মাটি দখলৰ গোচৰ নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপনত গুৰুত্ব৷
#নেশ্যনেল ল’ ইউনিভাৰ্ছিটিৰ কাম আৰম্ভ হ’ব৷
#গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বঙলা নিৰ্মাণৰ বাবে প্ৰস্তাৱ৷
#ফাষ্টট্ৰেক আদালত স্থাপন৷
#ন্যায় ব্যৱস্থাৰ উন্নয়ন সাধনত গুৰুত্ব৷
#১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব জাৰ্ণেলিষ্ট পেঞ্চন আঁচনি৷
#প্ৰতিবছৰে ২০ জন সাংবাদিকলৈ ফেল’শ্বিপ৷
#সাংবাদিক পৰিয়াল কল্যাণ পুঁজি গঠন৷ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে লাভ কৰিব ২ লাখকৈ টকা৷
#২০১৭ চনৰ ৩১ জানুৱাৰীলৈ বাকী থকা বাতৰি কাকতৰ বিজ্ঞাপনৰ সমুদায় ধন মুকলি কৰি দিয়া হ’ব৷
#নতুন জিলাকেইখনৰ উন্নয়নৰ বাবে অধিক ধন আৱণ্টন৷
#ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ প্ৰিমিয়াম প্ৰতিবিঘাত নামমাত্ৰ ১০০০ টকা কৰা হ’ব৷
#নতুন চাহখেতি কৰাসকলক প্ৰতিবিঘাত ৫০০০ টকাকৈ ৰাজসাহায্য৷
#কেঁচা চাহপাতৰ উপকৰ উঠাই দিয়া হ’ব৷
#ভূমি আৱণ্টন পোৱা সকলৰ বাবে বিনামূলীয়া হ’ব মাটি ম্যাদীকৰণ৷
#ভূমি-ৰাজহ বিভাগক নতুন ৰূপ দিয়াত গুৰুত্ব৷
#জালুকবাৰীত ‘তীখৰ’ৰ নামত এখন টুইন পাৰ্ক৷
#বালি মহল বৃদ্ধি কৰা হ’ব৷
#বনাঞ্চল বেদখল মুক্ত কৰিবলৈ সংকল্পৱদ্ধ৷ বনৰক্ষীলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদানৰ বাবে ২০ কোটি৷
#গুৱাহাটী সেউজীকৰণৰ বাবে ৫ কোটি আৱণ্টন৷
#কলঙক পুনৰ উজ্জীৱিত কৰাৰ বাবে ১০ কোটি আৱণ্টন৷
#গুৱাহাটীত কেবাখনো ফ্লাই অভাৰ নিৰ্মাণ কৰা হ’ব৷ জুৰোড-গণেশ মন্দিৰ, ৰুক্মিণী গাঁৱত নিৰ্মাণ হ’ব ফ্লাই অভাৰ৷
#দিব্যাংগৰ সুবিধাৰ্থে প্ৰতিটো চৰকাৰী কাৰ্যালয়ত ৰেম্প নিৰ্মাণৰ বাবে ১০ কোটি টকা আৱণ্টন৷
#নতুনকৈ চিনেমা গৃহ নিৰ্মাণৰ বাবে ২৫ শতাংশ ৰাজ সাহায্য৷ বন্ধ হৈ থকা চিনেমাগৃহ খুলিবলৈ ৫০ লাখ আৰু মেৰামতিৰ বাবে ২৫ লাখৰ অনুদান৷
#মহাবীৰ চিলাৰায় আৰু ৰাঘ মৰাণৰ স্মৃতিত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ৷
#ভোলাগুৰি সংৰক্ষণৰ বাবে ধনৰ আৱণ্টন৷
#বাৰেচহৰীয়া ভাওনাৰ বাবে ১ কোটি আৱণ্টন৷
#গণ শিল্পী খগেন মহন্তৰ সমাধিস্থল আটকধুনীয়াকৈ সজাবলৈ ধনৰ আৱণ্টন৷
#শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয়টো অডিটৰিয়াম নিৰ্মাণ৷
#ষ্টেট স্কুল অব ড্ৰামা স্থাপনৰ প্ৰস্তাৱ, ২ কোটি আৱণ্টন৷
#বৃন্দাৱনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে ২ কোটি আৱণ্টন৷
#ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী, চৰাইদেউ মৈদামৰ উন্নয়নৰ বাবে ধনৰ আৱণ্টন৷
#মাজুলীৰ সত্ৰ উন্নয়নৰ বাবে ৩০ কোটি আৱণ্টন৷ জনজাতীয় গাঁৱসমূহৰ উন্নয়নৰ বাবে ৬ কোটি, মৃৎ শিল্প প্ৰধান গাঁওসমূহৰ বাবে ৯ কোটি আৱণ্টন৷
#শোণিতপুৰত বামুণী পাহাৰ উদ্যান উন্নয়নৰ বাবে ৬ কোটি আৱণ্টন৷
#পুৰী, বৃন্দাবন আৰু আজমীৰ শ্বৰীফৰ দৰে তীৰ্থ ভ্ৰমণৰ বাবে তীৰ্থযাত্ৰীলৈ বিশেষ সুবিধা৷ ১০ কোটি আৱণ্টন৷
#জৈৱ প্ৰযুক্তি উদ্যানৰ বাবে গুৱাহাটীত ৬২ বিঘা মাটি আৱণ্টন৷
#৬ টা নতুন তাৰকাগৃহ নিৰ্মাণৰ প্ৰস্তাৱ৷
#উদ্যোগ আৰু বাণিজ্যৰ প্ৰসাৰৰ বাবে ৪৩৪ কোটি আৱণ্টন৷
#আছিয়ান আৰু দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নীতকৰণত গুৰুত্ব৷
#৪৭টা খাদী কেন্দ্ৰক উন্নীতকৰণৰ প্ৰস্তাৱ৷
#শুৱালকুছিত নুনি পাট সূতাৰ ভৰাল স্থাপন৷
#জাগীৰোডত মাল্টি টাৰ্মিনেল স্থাপন৷
#উজনি অসমৰ যাত্ৰীসকলৰ সুবিধাৰ্থে খানাপাৰাত ক্ষুদ্ৰ আন্তঃৰাজ্যিক বাছ আস্থান স্থাপন৷
#অসম আভ্যন্তৰীণ জল পৰিবহণ সমিতি গঠন৷
#দিব্যাংগসকলৰ বাবে আই টি আই স্থাপনৰ প্ৰস্তাৱ৷
#দক্ষ নগৰীৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে ২ কোটি আবণ্টন৷
#৩৩ টা নতুন দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ বাবে ১০ কোটি ধাৰ্য৷
#জাপান বেংকৰ পৰা পাম্প ৱেল নিৰ্মাণৰ বাবে ২০০ কোটিৰ অনুমোদন লাভ৷
#দক্ষিণ আৰু-উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথ ২০১৮ৰ জুলাইত সম্পূৰ্ণ কৰা হ’ব৷
#গুৱাহাটী মহানগৰৰ বাবে অতিৰিক্ত ১০০ কোটি ধাৰ্য৷
#পাণ বজাৰৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নতুন দলং নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ বাবে ১০০ কোটি আবণ্টন৷
#গুৱহাটীক বৃহৎ গতিশীল মহানগৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ৷
#২০ মেগাৱাটৰ সৌৰশক্তি কেন্দ্ৰ স্থাপন৷
#শক্তি বিভাগৰ বাবে ৩০ কোটি আৱণ্টন৷ এক মিনিটো বিদ্যুৎ কৰ্তন নোহোৱাত গুৰুত্ব৷
#এছ আই আৰ ডিৰ ৫টা নতুন কেন্দ্ৰ স্থাপন৷
#একে হ’ব প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সকলো ঘৰ৷
#অসম চৰকাৰে তিনি টকীয়া চাউল যোগানৰ বাবে নিজাববীয়াকৈ বহন কৰিব পৰিবহণ খৰছ৷ ইয়াৰ বাবে ৪০০ কোটি ধাৰ্য৷
#সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা সবলীকৰণত গুৰুত্ব৷
#প্ৰতিটো স্বায়ত্ব শাসিত অঞ্চললৈ আৱণ্টন ৩০ শতাংশ বৃদ্ধি৷
#জনজাতীয় ঐক্য-ঐতিহ্য সুদৃঢ় কৰাৰ বাবে গুৱাহাটীত সহোদৰ সমন্বয় ক্ষেত্ৰ স্থাপনৰ পৰিকল্পনা৷
#অসম চাহ নিগমৰ বাগিছাসমূহ পুনৰউজ্জীৱিত কৰাৰ প্ৰস্তাৱ৷
#৭৫০ খন চাহ বাগিছাত স্থাপন হ’ব ৰংগমঞ্চ৷
#চাহ বাগিছাৰ ক্ৰীড়া প্ৰতিভাক আগবঢ়াই নিবৰ বাবে উক্ত অঞ্চলত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ যো-জা৷
#উন্নয়ন বিভাগসমূহৰ উন্নয়ন পুঁজিৰ ৫ শতাংশ চাহ বাগিছা অঞ্চলৰ উন্নয়নৰ বাবে খৰছ কৰিব লাগিব৷
#বাধ্যতামূলকভাৱে সন্তানে পিতৃ-মাতৃক দিব লাগিব মাহেকীয়া খৰছ৷ সন্তানৰ দৰমহাৰ পৰা এই ধন কৰ্তনৰ নতুন আইন৷
#কটন মহাবিদ্যালয় আৰু কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ একত্ৰীকৰণৰ বাবে চলিত অধিৱেশনতে আইন উত্থাপন৷
#বেনাৰস হিন্দু বিশ্ববিদ্যলয়, বিশ্ব ভাৰতী, জে এন এউ আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ৷
#শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ১০ কোটি আবণ্টন৷
#নিম্ন আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্নাতকোত্তৰৰ নামভৰ্তি বিনামূলীয়া কৰাৰ প্ৰস্তাৱ৷
#উচ্চতৰ মাধ্যমিকত ভাল ফল দেখুওৱা ১০০০ ছাত্ৰীলৈ বিনামূলীয়া স্কুটি প্ৰদান৷
#সকলো সংস্কৃত শিক্ষকৰ পদ পূৰণ৷
#বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ বাবে ৪০ কোটি ধাৰ্য৷
#৪০০০ বিদ্যালয়ৰ বিদ্যুৎ মাচুল বহন কৰিব চৰকাৰে৷ ইয়াৰ বাবে ১৫ কোটি ধাৰ্য৷
#চাহ বাগিছাসমূহত ১০০ খন বিদ্যালয়ক হাইস্কুললৈ উন্নীতকৰণ৷
#একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া পাঠ্যপুথি৷
#একাদশ আৰু স্নাতকত ৪ লাখ ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰী বিনামূলীয়া নামভৰ্তি আঁচনিৰ পৰা উপকৃত৷
#অহা ২ মাৰ্চত নতুন প্ৰাদেশীকৰণ আইন উত্থাপন৷
#অহা বিত্তীয় বৰ্ষত আৰু ১০ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰস্তাৱ৷
#সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈ স্থানীয় ভাষা শিকোৱাটো বাধ্যতামূলক কৰাৰ বাবে আইন৷
#১ কিলোমিটাৰৰ ভিতৰত থকা সকলো প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ৷ এই ব্যৱস্থাৰে ৪৭ হাজাৰ প্ৰাথমিক বিদ্যালয়ক ৩৭ হাজাৰলৈ হ্ৰাস কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা হ’ব৷
#প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত লাচিত বৰফুকনৰ ফটো৷
#চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীৰ আসন সংৰক্ষণ৷
#চাহ বাগিছাত ৪০ টা ভ্ৰাম্যমাণ চিকিৎসা গোট স্থাপন৷
#নতুন জনসংখ্যা হ্ৰাস আঁচনিৰ খচৰা চলিত বিধানসভাতে দাখিলৰ প্ৰস্তাৱ৷
#০-১২ বছৰ বয়সলৈ সকলো শিশুৰ জন্মগত ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হ’ব৷
#গুৱাহাটীত শিশু ৰোগ চিকিৎসালয় স্থাপন৷
#স্মাৰ্টকাৰ্ড ভিত্তিক স্বাস্থ্য বীমা আঁচনি প্ৰণয়ন৷
#অমৃত অভিযানৰ বাবে ১০০ কোটি আবণ্টনৰ প্ৰস্তাৱ৷
#অসমৰ সকলো চৰকাৰী চিকিৎসালয়তে তেজ পৰীক্ষা, চিটি স্কেন আৰু এক্স ৰে বিনামূলীয়া হ’ব৷
#জীৱন দায়িনী দৰৱৰ সংখ্যা বৃদ্ধি৷ পূৰ্বৰ ২০০ ৰ পৰিৱৰ্তে ৪০৭ বিধ দৰৱ বিনামূলীয়াকৈ উপলব্ধ হ’ব৷
#গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট চিকিৎসালয়লৈ অনা হ’ব PET MRI৷ এই মেচিন থকা দেশৰ প্ৰথমখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হ’ব গুৱহাটী চিকিৎসা মহাবিদ্যালয়৷
#অহা ৪৫ দিনৰ ভিতৰত নগাঁও, ধুবুৰী আৰু উত্তৰ লখিমপুৰত কাম আৰম্ভ হ’ব চিকিৎসালয় নিৰ্মাণৰ৷
#কোকৰাঝাৰ, তিনিচুকীয়া, নলবাৰীত স্থাপন হ’ব নতুন চিকিৎসা মহাবিদ্যালয়৷
# চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ হাৰ ২৯ শতাংশলৈ বৃদ্ধি৷
#গাঁওৰক্ষী বাহিনীৰ ভাট্টা ৩০০০ টকালৈ বৃদ্ধি৷
#গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে ৪০ কোটি৷
#ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ অভিযান৷
#সৰভোগত নতুন দুগ্ধ মহাবিদ্যালয় স্থাপনৰ যোজা৷
#মাছৰ পোনা বেংকৰ বাবে পুখুৰী৷
#নতুন পশু আৰু জীৱ বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ৷
#২৮,৬০০ হেক্টৰ কৃষিভূমিলৈ জলসিঞ্চনৰ ব্যৱস্থা৷
#৬১ হাজাৰ অগভীৰ নলী-নাদ স্থাপনৰ প্ৰস্তাৱ৷
#কেবাখনো নতুন দলং নিৰ্মাণৰ পৰিকল্পনা৷ শুৱালকুছি-পলাশবাৰী সংযোগ হ'ব দলঙেৰে।
#অনলাইন হ’ব বাহন পঞ্জীয়ন, চালক অনুজ্ঞাপত্ৰ৷
#৩৬টা নতুন অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন৷
#ডিজিটেল অপৰাধ ৰোধৰ বাবে আৰক্ষী বিভাগত দক্ষতা বৃদ্ধিৰ প্ৰস্তাৱ৷
#৬২ খন থানাক উন্নীতকৰণৰ বাবে ১২৫ কোটি ধাৰ্য৷ দুটা নতুন বেটেলিয়ন, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণ৷
#প্ৰবাসী অসমীয়া বিভাগ স্থাপন৷
#দিব্যাংগলৈ ৫০০০ টকাকৈ সাহায্য৷ অহা বছৰৰ পৰা মাহে ১০০০ টকাকৈ ভাট্টা দিব্যাংগলৈ৷
#সমাজ কল্যাণ বিভাগক নতুন ৰূপ দিয়াৰ প্ৰস্তাৱ৷
#চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য, পৰিপুষ্টিৰ বাবে ১২ হাজাৰ টকাকৈ এককালীন সাহায্য৷
#চাহ বাগিছাৰ শ্ৰমিকৰ বেংক একাউণ্টত ৫০০০ টকাকৈ অনুদান৷
#১০ খন ৰেলৱে অভাৰ ব্ৰীজ নিৰ্মাণ৷
#কেচিচি কাৰ্ড থকা কৃষকৰ একাউণ্ট আৰ্থিক সাহাৰ্য৷
#কাঠৰ দলং পকীকৰণৰ বাবে ১০০ কোটি টকা আবণ্টন৷
#৫০০ হেক্টৰ চৰকাৰী মাটি, ২০০ হেক্টৰ বনাঞ্চল আৰু ১০০০ হেক্টৰ ভূমিত মুগা পালন৷
#সুত মুক্ত হ’ব শস্য ঋণ৷
#প্ৰতিখন গাঁৱলৈ একোখনকা ট্ৰেক্টৰ৷
#ডিব্ৰুগড়ৰ নৈ পৰীয়া অঞ্চলৰ উন্নয়নত গুৰুত্ব৷
#নগৰ উন্নয়নৰ বাবে ১২০০ কোটি টকা৷
#৩খন নতুন মহাবিদ্যালয়, ২০ খন বি এড কলেজ, সৰভোগত ডেইৰী কলেজ, ৩ খন পলিটেকনিক স্থাপন কৰা হ’ব৷
#সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ৮ খন নতুন মহাবিদ্যালয় স্থাপন৷
#বিশ্ব বিদ্যালয় আৰু বৃত্তিমুখী উচ্চ শিক্ষা প্ৰতিষ্ঠানে লাভ কৰিব ৬৪৭ কোটি টকা৷
#বিপিএলক ৰন্ধন গেছ সংযোগৰ বাবে ১০০০ টকাকৈ আগবঢ়াব৷
#নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য স্থিৰকৰণ ব্যৱস্থাৰ বাবে ১৫০ কোটি ধাৰ্য৷
#কেন্দ্ৰীয় পুঁজিলৈ অপেক্ষা নকৰি অহা এপ্ৰিলৰ পৰা নিজাববীয়াকৈ পুঁজি মুকলি কৰিব ৰাজ্য চৰকাৰে৷
#মধ্যাহ্ন ভোজনৰ বাবে প্ৰতিখন বিদ্যালয়লৈ ৰন্ধন গেছ সংযোগ৷
#মধ্যাহ্ন ভোজনত সপ্তাহত দুদিনকৈ কণী৷
#থলুৱা মাছৰ বৈজ্ঞানিক সংৰক্ষণৰ ব্যৱস্থা৷ ৯.৩৪ কোটি টকা আবণ্টন৷
#ঋণৰ বাবে আত্মসহায়ক গোটলৈ ষ্টাম্প টেক্স ৰেহাই৷
#১লাখ মহিলা আত্ম সহায়ক গোট গঠনত গুৰুত্ব৷ ৫ লাখ টকা পৰ্যন্ত ঋণ৷ ২৫ হাজাৰকৈ চৰকাৰী অনুদান৷
#ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ১ লাখ টকালৈ ঋণ লাভ কৰিব৷
#প্লেন-নন প্লেনক একত্ৰীকৰণ৷
#ৰিটেনছন ব্যৱস্থা বিলুপ্তিকৰণ৷
#খদ্দৰ কাপোৰক উৎসাহী কৰিবৰ বাবে কৰ্মচাৰীক দুযোৰকৈ খদ্দৰৰ পোছাক ক্ৰয় কৰিবলৈ ১০০০ টকাকৈ প্ৰদান৷
#মদগেজ নোহোৱাকৈ ১৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব৷ ৪ শতাংশ হাৰত শিক্ষা ঋণ লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে৷ অহা বহাগ বিহুৰ পৰা লাব কৰিব এই ঋণ৷
#২০১৬ৰ এপ্ৰিলৰ পৰা বকেয়া ধন মুকলি কৰি দিব৷
#বিধায়কৰ উন্নয়ন পুঁজিৰ বাবে আছুতীয়াকৈ ৰখা হৈছে ১০০০ কোটি টকা৷
#স্বায়ত্ব শাসিত পৰিষদলৈ পুঁজি নিৰ্ধাৰণ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ যো-জা৷
#দূৰ হ’ব পুঁজিৰ সমস্যা৷
#প্লেন-নন প্লেনৰ ব্যৱস্থা নাথাকিব৷ বৈষম্যমূলক ব্যৱস্থা দূৰ হ’ব৷ প্ৰতিজন কৰ্মচাৰীয়ে নিয়মীয়াকৈ লাভ কৰিব দৰমহা৷
#বিশ্ব বেংকৰ সাহাৰ্যত অসম ৰাজ্যিক বিত্তীয় প্ৰাধিকাৰী স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ৷
#চাৰি মাহত বিভাগসমূহে ৪২ শতাংশ বৃদ্ধিৰে ৯৩৪৮ কোটি টকা ব্যয় কৰাত সক্ষম৷
#২০১৭ৰ ভিতৰত আৰু ২৫ টা কোষাগাৰ স্থাপন কৰা হ’ব৷
#২টা কোষাগাৰত আৰ বি আই ই-প্ৰজেক্ট আৰম্ভ৷
#১৭টা কোষাগাৰ স্থাপনৰ প্ৰস্তাৱ বিবেচনাধীন হৈ আছে৷
#১১৮৯ কোটি টকাৰ নিজাববীয়া ছিলিং মুকলি৷
#নিজাববীয়া ছিলিং নিৰ্ধাৰণ৷
#অনলাইনযোগে ছিলিং মুকলি৷
#২৩৪৯.৭৯ কোটিৰ ঘাটি বাজেট৷
#উৎপাদমুখী ব্যয়ত গুৰুত্ব৷
#থলুৱা মাছৰ ব্যৱসায়ীলৈ বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা৷
#ডিজিটেল বিনিময়ৰ বাবে এটিএমকে ধৰি আনুসংগিক যন্ত্ৰ-পাতিৰ প্ৰৱেশ কৰ হ্ৰাস৷
#বিমুদ্ৰাকৰণৰ প্ৰথম তিনিদিনতে বেংক, এটিএমত ভিৰ হ্ৰাস কৰিবলৈ সমৰ্থ৷
#অগৰু কৃষকৰ হাৰাশাস্তি ৰোধৰ বাবে নতুন বিধেয়ক উত্থাপনৰ যো-জা৷
#দেশীয় সুৰা প্ৰচলনৰ বাবে বটলিঙত গুৰুত্ব৷
#অসম আবকাৰী অধিনিয়ম ২০০০ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত৷
#খাৰুৱা তেলৰ ৰয়েল্টি হিচাপে গুজৰাটৰ সম পৰ্যায়ৰ ১৪৫০ কোটি লাভৰ আশা।৷
#জি এছ টি বিলত অনুমোদনে নতুন মাত্ৰা প্ৰদান কৰিছে৷
#আভ্যন্তৰীণ উৎসৰ পৰা ৰাজহ সংগ্ৰহত গুৰুত্ব৷
#কেন্দ্ৰীয় পুঁজিৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতা পৰিহাৰ৷
#সু-শাসন আৰু জনতাৰ অংশগ্ৰহণত গুৰুত্ব৷
#সমাজৰ প্ৰতিজন লোককে সামৰি ল’ব এই বাজেটে৷
#বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ব্যৱস্থা গ্ৰহণত সফল হৈছে চৰকাৰ।
#উপনিষদৰ বাণীৰে আৰম্ভ বাজেট ভাষণ।
#মহাত্মা গান্ধী, স্বামী বিবেকানন্দক স্মৰণ।
#বাজেট লৈ সদনত প্ৰৱেশ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।