নগাঁওঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব খোজা চৰকাৰী বিদ্যালয়ত সাত মাহৰ মুৰকত পাঠ্যপুথি বিতৰণ কৰিলে ৰাজ্য চৰকাৰে৷ শিক্ষাৰ মানদণ্ড অধিক উন্নত আৰু গতিশীল কৰাৰ বাবে গুণোৎসৱ পাতিছে চৰকাৰে৷ সম্প্ৰতি বিয়াগোম বিভাগটোত সংঘটিত এক আজৱ কাণ্ডই সচেতন মহলক স্তম্ভিত কৰি তুলিছে৷

জানিব পৰা মতে, শিক্ষাবৰ্ষৰ প্ৰায় আঠ মাহ পাৰ হোৱাৰ উপক্ৰম ঘটাৰ সময়তে চৰম দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰি এতিয়া শিক্ষা বিভাগে বিদ্যালয়বোৰলৈ প্ৰেৰণ কৰিছে 'গণিত অনুশীলন পুথি' ৷নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম,ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা এই বিনামূলীয়া পাঠ্যপুথি অসম সৰ্বশিক্ষা অভিযান মিছনৰ দ্বাৰা যোগান ধৰা হৈছে৷

অভিযোগ মতে,শিক্ষা বিভাগৰ চৰম অৱহেলা আৰু অমনোযোগিতাৰ পৰিণতিত এইবাৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যপুথিখন নোহোৱাকৈ শিক্ষাবৰ্ষৰ অধিকাংশ দিন পাৰ কৰাৰ বিপৰীতে দুটাকৈ মূল্যায়ন পৰীক্ষাত বহিবলগীয়া হ’ল৷

প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এই পাঠ্যপুথি শিক্ষাবৰ্ষৰ আৰম্ভণিতে বিদ্যালয়সমূহলৈ যোগান ধৰিব লাগে যদিও বৰ্তমান শিক্ষাবৰ্ষৰ সাত মাহ উকলি যোৱাৰ পিছতহে আশ্চৰ্যজনকভাৱে বিতৰণ কৰিছে শিক্ষা বিভাগে৷ ফলস্বৰূপে বিভাগটোৰ এনে কাণ্ডক লৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ইফালে, বৰ্তমান এনেদৰে ইমান পলমকৈ এই পাঠ্যপুথিবোৰ পাই শিক্ষকসকলো বিপাঙত পৰিছে ৷ কাৰণ,এই পাঠ্যপুথিক অনুসৰণ কৰিব লগা হ’লে পুনৰ গণিতৰ পাঠ্যক্ৰম পহিলাৰ পৰা পঢ়াব লাগিব৷ যিটো এতিয়া শিক্ষাবৰ্ষ অন্ত পৰিবলৈ মাত্ৰ চাৰি মাহহে থকা অৱস্থাত কেতিয়াও সম্ভৱপৰ নহয়৷

কাজেই, শিক্ষা বিভাগৰ এনে হঠকাৰী কাৰ্যক সচেতন লোকসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰি এনেদৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ ল’ৰা-ধেমালি খেলা কাৰ্য পৰিহাৰ কৰাৰ দাবী জনাইছে আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকি শিক্ষাৰ পৰিৱেশ শিক্ষানুষ্ঠানসমূহত উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷