চিচিবৰগাঁওঃ সততে অসম আৰক্ষীক বিফল বুলি সমালোচনা কৰা হয় যদিও চিলাপথাৰত ২৪ ঘন্টাৰ ভিতৰত যি কৰি দেখুৱালে তাৰ বাবে অসম আৰক্ষীৰ শলাগ ল’বলৈ সকলোৱে বাধ্য হৈ পৰিছে৷ অসম আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ সহিতে সুসজ্জিত ডকাইতৰ দলক ধৰাই নহয় পুলিয়ে-পোখাই উভালি বাঃ বাঃ লবলৈ সক্ষম হৈছে উত্তৰ অসমত৷ 

২৪ ঘন্টা ধৰি অসম আৰক্ষীৰ বহু বিষয়ী-কৰ্মচাৰীয়ে টোপনি যোৱা নাছিল৷ অভিযানৰ ৰিম’ট ধৰিছিল উচ্চ পদস্থ বিষয়াই৷ অভিযান সফল কৰিবলৈ কৌশল ৰচনা কৰি দিনৰ পৰাই সষ্টম হৈ পৰিছিল আৰক্ষী৷ অৱশেষত আৰক্ষী নিশা নামিছিল হাতে-কামে৷ বৃহস্পতিবাৰে দুপৰীয়া ব্যস্ত পথৰ মাজতে একে-৪৭ ৰাইফল দেখুৱাই চিলাপথাৰ-পুকীয়া সংযোগী পথত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কুলাজান শাখাৰ দায়িত্বত থকা এটিএমত ধন ভৰোৱা গাড়ীখনৰ পৰা ৪০ লাখ টকা লুট কৰি নিছিল অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত ডকাইতৰ দলে৷ 

তাৰ পাছৰে পৰা আৰক্ষী নামি পৰিছিল শুংসূত্ৰ উদ্ধাৰ কৰাত৷ ২৪ ঘণ্টাৰ ভিতৰতে ডকাইতিৰ লগত জড়িত আটাইকেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধেমাজি আৰক্ষী। পুৱা চিলাপথাৰ থানাৰ সহ পৰিদৰ্শক গণেশ বৰ্মনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই বালিজান অঞ্চলত৷  

অভিযানত চিলাপথাৰৰ সঞ্জয় দাস আৰু ওদালগুৰিৰ কৰণ বসুমতাৰী নামৰ যুৱক দুজনক ১৩ লাখ টকাসহ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ইয়াৰ পিছতে ঘটনাৰ অন্যতম মাষ্টাৰ মাইণ্ড দেৱ ওৱাৰীক চিলাপথাৰ হৈ অৰুণাচললৈ গৈ থকা অৱস্থাত লিকাবালি আৰক্ষীয়ে পঞ্চাশ হাজাৰ টকা আৰু এখন টাটা চুমুসহ গ্ৰেপ্তাৰ কৰে।

ডকাইতিৰ ঘটনাৰ লগত জড়িত আন দুজন যুৱক গোগামুখৰ মহন্ত গয়াৰী আৰু দুধনৈৰ খামলাই ওৰফে কণিষ্ক বসুমতাৰীক ১১ লাখ টকাসহ গোগামুখৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে ধৃত ডকাইতকেইটাৰ স্বীকাৰোক্তি অনুসৰি চিলাপথাৰৰ বিজয়পুৰৰ পৰা মাটিত পুতি থোৱা অৱস্থাৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত এটা একে-৪৭ ৰাইফল, দুটা ইটালীত নিৰ্মিত ৭.৫ এম এম পিষ্টল, ৩৪ ৰাউণ্ড সজীৱ গুলী আৰু ডকাইতিত ব্যৱহাৰ কৰা পালচাৰ মটৰচাইকেলখন উদ্ধাৰ কৰে। 

ডকাইতি কাণ্ডৰ পাছতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ অভিযান আৰম্ভ কৰে। ডি আই জি লাচিত বৰুৱাই নিজে নেতৃত্ব লয় অভিযানৰ৷ লাচিত বৰুৱাৰ নেতৃত্বতে মাটিত পুতি থোৱা অৱস্থাত ১৫ লাখ টকা উদ্ধাৰ হয়।

লুট কৰি নিয়া ৪০ লাখ টকাৰ ভিতৰত বৰ্তমানলৈকে মুঠ ৩৮ লাখ ৪৮ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ডকাইতি কাণ্ড এন ডিএফ বিৰ প্ৰগতিশীল গোটে সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ধৃত কৰণ বসুমতাৰী, মহন্ত গয়াৰী আৰু কণিষ্ক বসুমতাৰী এন ডিএফ বিৰ সদস্য। স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত চিলাপথাৰত উগ্ৰপন্থী গোটৰ ডকাইতি কাণ্ডই তাৎপৰ্য বহন কৰিছে।