মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত শনিবাৰে সংঘটিত হোৱা মোক্তাৰ আলী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে দৰং আৰক্ষীয়ে।

ঘটনাৰ ৫ দিনৰ পিছত কেবাঠাইতো অভিযান চলাই হত্যাকাৰী জোনাব আলী আৰু দীপাংকৰ ডেকা ওৰফে ছোটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

দৰং, বৰপেটা, গুৱাহাটী আৰু নলবাৰী আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কৰায়ত্ত কৰা হত্যাকাৰী জোনাবৰ ঘৰ হৈছে সৰ্থেবাৰীৰ মাজদিয়াত। আনহাতে দীপাংকৰ ওৰফে ছোটোৰ ঘৰ হৈছে বাক্সা জিলাৰ ছাপুৰ গাঁৱত।

আৰক্ষীয়ে বৰপেটাৰ শ্বফিকুল নামৰ লোক এজনকো জালত পেলাবলৈ সমৰ্থ হয়। শ্বফিকুল নামৰ এই লোকজনে বাইক যোগান ধৰি হত্যাকাণ্ড সংঘটিত কৰাত সহায় কৰিছিল।

একেদৰে ভুৱা ছিম যোগান ধৰাৰ অভিযোগত দলগাঁৱৰ নুৰ হুছেইন আৰু খবৰ যোগান ধৰাৰ অভিযোগত আউলাচৌকাৰ কালীয়াপাৰাৰ আয়েজ আলীক কৰায়ত্ত কৰে।

অতি কম সময়ৰ ভিতৰতে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সমৰ্থ হোৱাত অসম আৰক্ষীৰ ভূমিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।