
নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত এন এছ এ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ চুড়ান্ত খেলখন অসম পুলিচ আৰু বিদ্যুৎ পৰিষদৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত ট্ৰাইবেকাৰ পদ্ধতিত অসম পুলিচ চেম্পিয়ন হয়।
আদিতে উক্ত চুড়ান্ত খেলখন উদ্বোধন কৰে অসমৰ ক্ৰীড়া, যুৱ কল্যান, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে। নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ক্ৰীড়াবিদ উপস্থিত থাকে।
আনহাতে আজি ক্ৰীড়া অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নৰ কথা শলাগে৷ পৰিবৰ্তনৰ ভেল্কীবাজী মাৰি ৰাজগাদী দখল কৰা ৰাইজৰ অভিযোগ খণ্ডন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া জনসাধাৰণে মিছাতেই চৰকাৰক ভুল বুজি আছে৷ চৰকাৰ গঠন হোৱাৰ ১৫ মাহৰ ভিতৰত ৰাজ্যৰ যিমানখিনি উন্নয়ন কৰাটো সম্ভৱ, সেয়া ৰাজ্য চৰকাৰে কৰিছেই৷ জনসাধাৰণে অলপ ধৈৰ্য্য ধৰি চৰকাৰক সময় দিলেহে চৰকাৰে উন্নয়ন কৰিব পাৰিব বুলি টুলুঙা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷
আনহাতে আজি ক্ৰীড়া মন্ত্ৰীগৰাকী নলবাৰীত উপস্থিত হৈ ঐতিহ্যমণ্ডিত নলবাৰী গৰ্ডন খেল পথাৰখনৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ চৰকাৰী অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ ক্ৰীড়ামন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতেই নলবাৰী বাসীৰ মাজত আনন্দৰ জোৱাৰ বয়৷
আনহাতে সাংস্কৃতিক বিভাগৰো মন্ত্ৰীত্বৰ পদত থকা নৱ কুমাৰ দলেক ৰাজ্যজুৰি ন-ইতিহাসৰ ৰচনা কৰা জুবিন গাৰ্গৰ অসমীয়া বোলছবি ‘মিছন চাইনা‘ৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ শলাগ লয়৷ ইমান কষ্ট আৰু ব্যয়েৰে জুবিনে নিৰ্মাণ কৰা বোলছবিখনে শ্ৰেষ্ঠতাৰ শিখৰত আহৰণ কৰিব বুলিও তেওঁ মত ব্যক্ত কৰে৷ আনহাতে বিধানসভাৰ অধিবেশন চলি থকা বাবে বহুল চৰ্চিত অসমীয়া চিনেমাখন চাবলৈ সুযোগ নপোৱাত মন্ত্ৰীগৰাকীয়ে কিছু পৰিমাণে খেদ প্ৰকাশ কৰে৷