
গৌৰীসাগৰঃ অসমীয়া ৰাইজৰ বিহু বুলিলেই গা সাত খন আঠ খন৷ কিন্তু কাতি বিহু ইয়াৰ পৰা অলপ ব্যতিক্রম, কাৰণ ভোগালী বিহু বা মাঘ বিহু আৰু ৰঙালী বিহু বা বহাগ বিহুৰ লগত ইয়াক তুলনা কৰিব নোৱাৰি৷ আগৰ দিন আৰু এতিয়াৰ দিনৰ মাজতো নানা ব্যৱধান আহিল তথাপিও পৰম্পৰাই নামানে অতীতৰ গৌৰৱ, সেয়াই হৈছে অসমীয়াৰ পৰিচয়৷
কৃষিক কেন্দ্র কৰি গঢ়ি উঠা অসমৰ এই বিহু অতিকে লেখত ল’বলগীয়া৷ কিয়নো খেতিৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা অহিন আৰু কাতি মাহৰ সংক্রান্তিত পালন কৰা কাতি বিহুৰ অন্য এক পৰিচয় হ'ল কঙালী বিহু৷
অসম কৃষি প্রধান দেশ৷ মেতমৰা ধানৰ ভঁৰাল শুৱনি কৰিব হেপাহৰ ধাননি ডৰাই এয়াই আশা কৃষকৰ৷ তাৰেই উদ্দেশ্যে তুলসী গছৰ তলত চাকিগছি জ্বলাই ভগৱানক প্রাৰ্থনা কৰাৰ লগতে সেউজীয়া ধাননি পথাৰত বিনাশ কাৰী পোক পতংগ নিঃশেষ হ’বৰ বাবে চাকি জ্বলোৱা পৰম্পৰা সৰ্বজনবিদিত৷ এতিয়া পথাৰবোৰ লাহে লাহে গাভৰু হোৱাৰ সময়৷
এনে সময়ত অনিষ্টকাৰী গান্ধী পোককে আদি কৰি সকলো খেতি বিনাশকাৰী পোকক নিঃশেষ কৰাৰ নিমিত্তে আয়োজিত এই উৎসৱত ধাননি ডৰাত চাকি জ্বলাই পোক পতংগৰ পৰা ধাননী ডৰা ৰক্ষা কৰিবলৈ চেষ্টা চলোৱা হয়৷
কাতি বিহুৰ সময়ত গাঁৱৰ সকলো মানুহ একত্রিত হৈ ঘৰে ঘৰে তুলসী তলত হিন্দু আৰাধ্য দেৱতাক আৰাধনা কৰা নিয়ম পূৰ্বৰে পৰা প্রচলিত হৈ আহিছে৷ ইয়াৰ পিছত মাহ প্রসাদ খাই এঘৰ এঘৰকৈ শেষ কৰা বিহুৱেই হৈছে কঙালী বিহু৷
অসমীয়াৰ হিয়াৰ আমঠু এই বিহুত প্রায়ভাগ মানুহৰ ভঁৰাল ঘৰবোৰত ধান নাইকিয়া হয় কাৰণে কৃষিজীৱি ৰাইজে ভোগালী আৰু ৰঙালী বিহুৰ দৰে উলহ মালহেৰে এই বিহু পালন কৰিব নোৱাৰে৷ সেইবাবে এই বিহুত মাহ প্রসাদ দি পুনৰ ভঁৰাল ধানেৰে উপচি পৰা ভোগালীলৈ বাট চায় ৰয়৷ এয়াই অসমীয়াৰ চিৰ চেনেহী কঙালী য'ত আছে কৃষকৰ আশা সোণালী ধাননি পথাৰৰ৷
কিন্তু লাহে লাহে যেন এই বাপোতিসহোন বিহুটিৰ আদৰ কমি যোৱা পৰিলক্ষিত হৈছে৷ যান্ত্ৰিক জীৱনৰ ধামখুমীয়াত এতিয়া কঙালী বিহু যেন ক’ৰবাত হেৰাই থাকিল৷ অসমীয়া চহা জীৱনৰ পৰা পথাৰবোৰ নাইকীয়া হৈ পৰাৰ পাছত ফলত অসমীয়াৰ বুকুৰ পৰা ইয়াৰ মাদকতা লোপ পাইছে৷