
আমগুৰিঃ ৰাজপথৰ দাতিৰ এটা এটিএম ভাঙি থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত৷ সন্দেহ কৰা মতে, মঙলবাৰে এটিএম লুটি নিয়াৰ চেষ্টা কৰি বিফল হয় ডকাইতৰ দলে৷ আৰক্ষী পহৰাৰ মাজতে ডকাইতে এই কাণ্ড সংঘটিত কৰাত ৰাইজে সহজে লব পৰা নাই। গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপ্তাহিক বজাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে থকা ভাৰতীয় ষ্টেট বেংকৰ এটিএম মেচিনটোত চোৰে মঙলবাৰে পুৱতি নিশা অভিযান চলায়।
গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা কিছু নিলগতে থকা এটিএম মেচিনটো ভাঙি চোৰে লুট কৰি নিয়াৰ চেষ্টা চলায় যদিও কৰ্তব্যৰত দুজন আৰক্ষীৰ বাবেই চোৰৰ দলটো বিফল হয়। কৰ্তব্যৰত আৰক্ষীৰ লোক দুজনে পুৱতি নিশা প্ৰায় ২ বজাত এটিএম মেচিনটোৰ সন্মুখত এখন নাম্বাৰ প্লেটবিহীন চুম' গাড়ী দেখি আগবাঢ়ি আহোতেই চোৰৰ দলটো তীব্ৰ গতিত তাৰ পৰা আতৰি যায়।
শিৱসাগৰ নগৰৰ দিশে তীব্ৰ গতিত আগবঢ়া গাড়ীখনক গৌৰীসাগৰ আৰক্ষীৰ এটা দলে অনুসৰণ কৰে যদিও চোৰৰ দলটো পলাই সাৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ বিষয় এয়ে যে আৰক্ষীৰ অনুমান মতে একেটা চোৰৰ দলে যোৰহাট জিলাৰ পুলিবৰ আৰু টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত এলেকাটো চোৰে একে নিশাই অভিযান চলায়। পিছে তাতো চোৰৰ দলটো বিফল হোৱাত গৌৰীসাগৰত চোৰৰ দলটোৱে অভিযান চলায় এটিএম মেচিনটোৰ ক্ষতিসাধন কৰে। আৰক্ষীৰ নিৰাপত্তাৰ মাজত চোৰৰ দলৰ উপদ্ৰৱে আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা দিশটোকে উদঙাই দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।