
লংকাঃ হোজাই জিলাৰ লংকাৰ উদালীত এ টি এম লুটি নিয়াৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ লংকা অঞ্চলটোত হত্যা, হিংসা, ধৰ্ষণ আদি সংঘটিত হোৱাৰ পাছতে এইবাৰ ডকাইতিৰ চকু পৰিল এ টি এমৰ ওপৰত৷ শেহতীয়াকৈ উদালী আৰক্ষী চকীৰ অন্তৰ্গত উদালী তিনিআলিৰ এ টি এমত ডকাইতৰ দলে ডকাইটি সংঘটিত কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ঘটনা অনুসৰি আজি পুৱতি নিশা উদালী তিনিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত থকা এ টি এম টোত এটি ৫/৬ জনীয়া ডকাইতৰ দলে তলা ভাঙি ডকাইটি কৰিবলৈ চেষ্টা চলায়৷ কিন্তু স্থানীয় লোক কেইজনমানে সেয়া প্ৰত্যক্ষ কৰি ডকাইতৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে৷ ফলত ডকাইতৰ দলটোৱে চৰফ উদ্দিন নামৰ স্থানীয় লোকজনক আক্ৰমণ কৰি তাৰ পৰা পলাই যাবলৈ সক্ষম হয়৷
আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছত ফিংগাৰ প্ৰিন্ট এক্সপাৰ্টসহ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ ষ্টেট বেংকটোৰ প্ৰবন্ধকৰ মতে ডকাইতৰ দলটোৱে এ টি এমৰ পৰা কোনো নগদ ধন নিবলৈ সক্ষম হোৱা নাই যদিও সম্পূৰ্ণ তদন্তৰ পাছতহে প্ৰকৃত তথ্য বাহিৰ হ’ব৷
আনফালে নিশা উদালী তিনিআলিৰ এই এ টি এমটোৰ সন্মুখত কোনো পোহৰ আৰু নিৰাপত্তাৰ ব্যৱস্থা নথকা বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে৷ স্থানীয় ৰাইজে এই বিষয়ে বহুবাৰ বেংক কৰ্তৃপক্ষক জনোৱাৰ পাছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে৷
আনহাতে পুৱাতি নিশা সংঘটিত হোৱা ডকাইচিৰ লগত জড়িত চাইদুৰ ৰহমান নামৰ লোকজনক আৰক্ষীয়ে স্নিপাৰ ডগৰ সহায়ত আটক কৰিবলৈ সক্ষম হয়৷