
কামপুৰঃ নগাঁও জিলাৰ অন্তৰ্গত কামপুৰত সংঘটিত হৈছে এক লুটপাটৰ ঘটনা৷ ঘটনাৰ বিৱৰণী অনুসৰি, নগাওঁ জিলাৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ কামপুৰৰ এটিমৰ পৰা এজন যুৱকে লুটি লৈ যায় ৪০হাজাৰ টকা৷
কামপুৰৰ কচুৱাৰ জিনুৱাৰা খাতুন নামৰ শিক্ষয়িত্ৰী এগৰাকীয়ে এ টি এ মৰ পৰা টকা উলিয়াব নজনাৰ বাবে এটিমতে সাক্ষাৎ হোৱা এজন অচিনাক্ত যুৱকক টকা উলিয়াবলৈ দিয়ে৷
যুৱকজনে শিক্ষয়িত্ৰীগৰাকীৰ পৰা এ টি এমৰ গোপন নম্বৰটোলৈ টকা উলিওৱা নোলোৱাৰ ভাও জুৰি কাৰ্ডখন সলনি কৰি দিয়ে৷ শিক্ষয়িত্ৰী জিনুৱাৰা খাতুনে এটিমৰ পৰা টকা নোলোৱা দেখি পুনৰ বেংকলৈ যায় টকা উলিয়াবৰ বাবে৷ কিন্তু অচিনাক্ত পূৰ্বেই যুৱকজনে শিক্ষয়িত্ৰীৰ এ টি এমৰ সহায়ত ৪০হাজাৰ টকা লৈ উধাও হয়৷
জিনুৱাৰা খাতুনে বেংকলৈ গৈ উক্ত ঘটনা সংঘটিত হোৱাৰ কথা জানিব পাৰি হতভম্ব হৈ পৰে৷ ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীয়ে কামপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে৷