
ডিজিটেল ৰিপ'ৰ্টঃ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা লাখ বা অংসখ্য, এই অংসখ্য অনুৰাগীৰ মাজৰ বহুতো এনেকুৱা অনুৰাগী আছে যিয়ে জুবিন গাৰ্গক অনুপ্ৰেৰণা লৈ নিজকে সংগীত, কবিতা, অভিনয় আদিৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ উৎসাহ পায় আগুৱাই আহে।
ঠিক তেনেকৈ সৰুৰ পৰাই কবিতা, সংগীত ভাল পোৱা শেতালি গাওঁ, নগাঁৱৰ বাসিন্দা নৰেশ্বৰ শইকীয়া আৰু থানেশ্বৰী শইকীয়াৰ প্ৰতিভাশালী পুত্ৰ "বৈকুন্ঠ প্ৰিন্স শইকীয়া"ই লিখি ওলাইছে "জুবিন দা" শীৰ্ষক নামৰ চৰ্চিত কবিতাটো, এই সুন্দৰ কবিতাটোৰ শ্ৰব্য চিডি তথা ইন্টাৰনেটত মুক্তি দিয়া হয়।
যোৱা ১৫ জুলাইত "জুবিনচৰ্চা" শীৰ্ষক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত আছিল মৃণালকান্তি মেধি, গৰিমা শইকীয়া গাৰ্গ, ঋতুস্মিন শৰ্মা, অজয় ফুকনকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোক। উক্ত অনুষ্ঠানতেই সীমান্ত শেখৰে "জুবিন দা" শীৰ্ষক কবিতাৰ শ্ৰব্য চিডিখন উন্মোচন কৰে।
ইয়াৰ আগতে বৈকুন্ঠ প্ৰিন্স শইকীয়াই বহুকেইটা কবিতা লিখি উলিয়াইছে। ইয়াৰ ভিতৰত জীৱন, কংকাল, ভিক্ষাৰী অন্যতম। ইতিমধ্যে "জুবিন দা" শীৰ্ষক কবিতাৰ শ্ৰব্য সঁফুৰাই ইন্টাৰনেটত সকোলোকে আকৰ্ষিত কৰিছে বুলি ক'ব পাৰি।
অতি সুন্দৰ কন্ঠেৰে অতি মনোমোহাকৈ বৈকুন্ঠই আবৃত্তি কৰিছে কবিতাটো। কবিতাৰ সংগীত পৰিচালনা কৰিছে বৈকুন্ঠৰ নিজৰ ভাতৃ দেৱাশীষ শইকীয়াই। "জুবিন দা" কবিতাটো Youtubeত উপলব্ধ Youtube লৈ গৈ Baikuntha MJ ছাৰ্চ কৰিলেই সুন্দৰ কবিতাটো শুনিবলৈ পাব। জুবিন গাৰ্গৰ সংগীত তথা জুবিন গাৰ্গৰ অনুৰাগী বৈকুন্ঠ প্ৰিন্স শইকীয়াই ভৱিষ্যতে কবিতাৰ লগতে সংগীতৰ ক্ষেত্ৰত জড়িত হ'বলৈ পৰিকল্পনা কৰি আছে।