কোকৰাঝাৰঃ প্ৰাক্তন প্ৰশাসনিক ৰোহিলা ব্ৰহ্মক মঙলবাৰে আনুষ্ঠানিকভাৱে "পদ্মা কলিতা স্মাৰক বটাঁৰে" বিভুষিত কৰে পদ্মা কলিতা স্মাৰক ন্যাসে৷ কোকৰাঝাৰ চহৰস্থিত গড়কাপ্তানী বিভাগৰ অতিথিশালাত গুৱাহাটীৰ "পদ্মা কলিতা স্মাৰক ন্যাসে" প্ৰশাসনিক বিষয়া ৰোহিলা ব্ৰহ্মক স্বচ্চ আৰু নিকা ভাৱমূৰ্তিৰ বাৱে পদ্মা কলিতা স্মাৰক বঁটাৰে বিভূষিত কৰে।

উল্লেখ্য যে কোকৰাঝাৰৰ দক্ষ মহিলা বিষয়া ৰোহিলা ব্ৰহ্মক বিগত বৰ্ষত উক্ত বঁটাৰ বাবে মনোনিত কৰিছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে যোৱা ২০১৬ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সমাৰোহত ৰোহিলা ব্ৰহ্ম উপস্থিত থাকিব পৰা নাছিল।

বঁটা বিতৰণী সভাত শাৰিৰীক অসুস্থতাৰ বাৱে উপস্থিত হ’ব নোৱাৰাত পলমকৈ হলেও ন্যাসে কোকৰাঝাৰতে এক গাম্বীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ৰোহিলা ব্ৰহ্মক প্ৰদান কৰে এই বঁটা৷ উল্লেখ্য যে, পদ্মা কলিতা স্মাৰক ন্যাসে ৰোহিলা ব্ৰহ্মক পদ্মা কলিতা স্মাৰক বঁটা, ফুলাম গামোছা, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে৷

বঁটা বিতৰণী অনুষ্ঠানত ন্যাসৰ সম্পাদক চন্দ্ৰধৰ কলিতা, "প্ৰজ্ঞাশ্ৰীৰ" সম্পাদক খগেন লাল দাস আৰু তিলক তালুকদাৰ, বিপিএফৰ নেত্ৰী মালতী ৰাণী নাৰ্জাৰী, উমা ৰাণী ব্ৰহ্ম, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত অঞ্জলী বসুমতাৰী, শিক্ষাবিদ ৰীনা মজুমদাৰ, সমাজকৰ্মী সবিতা মাৰাক আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিছিৰাম নাৰ্জাৰী উপস্থিত থাকে৷