
newsnextone.com | আজাৰাঃ তথ্য আৰু প্ৰযুক্তিৰ যুগত মানুহে ক্ৰমান্বয়ে গ্ৰন্থ, বাতৰিকাকত আদিক এলাগী কৰা দেখা যায়৷ এই যুগক ডিজিটেল যুগ বুলি কোৱাৰ লগতে মানুহে বাতৰিকাকত আৰু গ্ৰন্থ পঢ়াৰ বাবে আহৰি নোপোৱা হৈছে৷ সকলো সময়ত মোবাইলত ব্যস্ত হৈ থকাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে মানুহৰ৷
তাৰ মাজতে গ্ৰন্থ আৰু বাতৰি কাকত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাৰ এক ব্যতিক্ৰম প্ৰয়াস কৰি গৈছে পলাশবাৰী ৰামপুৰৰ ‘কালিকান্ত নিউজ এজেন্সি’য়ে৷ কালিকান্ত নিউজ এজেন্সিৰ গৰাকী বিমল শৰ্মাই দক্ষিণ কামৰূপৰ ৰামপুৰ, নহিৰা, ৰাজাপুখূৰী আদি বৃহত্তৰ অঞ্চলত যুৱ প্ৰজন্মক বাতৰিকাকত তথা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলাই গৈছে৷
অঞ্চলটোৰ যুৱক-যুৱতীক গ্ৰন্থ আৰু বাতৰিকাকতৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিমল শৰ্মাই তেওঁৰ প্ৰয়াত ভগ্নী ইলা শৰ্মা গোস্বামীৰ সোঁৱৰণত বটাঁ প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। কালিকান্ত নিউজ এজেন্সিৰ পুৰণি পাঠক তথা হোমিঅ’ চিকিৎসক ডা০ লংকেশ্বৰ শৰ্মাক এইবেলি এই বঁটা প্ৰদান কৰিব৷ দেওবাৰে হোমিঅ’ চিকিৎসক ডা০ লংকেশ্বৰ শৰ্মাক এই বঁটা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা ইপি মিডিয়া ফৰাম চাউথ কামৰূপৰ উপদেষ্টা বলেন কলিতাই। ডা০ লংকেশ্বৰ শৰ্মাই বঁটা গ্ৰহণ কৰি অানন্দিত হোৱাৰ লগতে নৱ প্ৰজন্মক বাতৰি কাকত পঢ়াৰ বাবে আগ্ৰহী হ’বলৈ আহ্বান জনায়৷