কালুগাঁওঃ এগৰাকী বিশিষ্ট কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা স্বভাৱ কবি ৰূপে পৰিচিত শিৱসাগৰ জিলাৰ দেওপানী নপাম বাৰূৱতী গাঁও নিবাসী টিপেশ্বৰ গগৈক ৯ ছেপ্তেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কালুগাঁও ৰাইটাৰ্ছ গীল্ড চমুকৈ কাৰাগীৰ তৰফৰ পৰা "সেউজ উপত্যকাৰ কবি" উপাধি প্ৰদান কৰা হয়। 

সেই উদ্দেশ্যে "কালুগাঁও ৰাইটাৰ্ছ গীল্ড" আৰু শিৱসাগৰৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান "খোজ"ৰ উদ্যোগত আৰু কালুগাঁও উচ্চ বিদ্যালয়ৰ সহযোগত কালুগাঁও ৰাইটাৰ্ছ গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষৰ ঊষা লগ্নত "সমন্বয়ৰ ৰূপোৱালী যাত্রা" শীৰ্ষক এক বৰ্ণিল অনুষ্ঠান কাৰাগীৰ সভাপতি হৰেণ চন্দ্ৰ নাথৰ পৌৰহিত্যত কালুগাঁও উচ্চ বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ লগত সংগতিৰাখি "অসমৰ লোকসংস্কৃতি, এক চমু অৱলোকন" শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সংগীত শিল্পী প্ৰবীণ হাজৰিকাই। 

এই অনুষ্ঠানতে নৱপ্ৰজন্মৰ কবি জনম খনিকৰক সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে অসম ভিত্তিক ৪ টাকৈ বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত অভিনন্দন জ্ঞাপন কৰা হয়। কাৰাগী আৰু খোজৰ সম্পাদক ক্ৰমে নীলোৎপল বৰুৱা আৰু জয়জ্যোতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বিদ্যালয়ৰ ছাত্র সকলে দিহানাম, ছাত্ৰী সকলে বিয়া নাম, স্থানীয় মহিলা সকলে দিহানাম আৰু কণমানি কুমাৰী কিউ ঞান বৰাই টিপেশ্বৰ গগৈৰ এটি কবিতা আবৃত্তি কৰে। 

অনুষ্ঠানত কাৰাগীৰ মুখ্য উপদেষ্টা তৰুণ চন্দ্ৰ নাথে টিপেশ্বৰ গগৈৰ জীৱন পঞ্জী প্ৰস্তুত আৰু পাঠ কৰে আৰু নিমন্ত্ৰীত অতিথি ৰূপে দিলীপ শইকীয়া, দুলাল দত্ত, দুলাল শৰ্মা, ৰাজকুমাৰ কনচেং, সত্যজিত শইকীয়া, অখিল আহোম, সৌৰভ নেওগ, অজিত দত্ত, নয়না চলিহা, বিমল ভৰালী, মনোজ দত্ত, জয়া গগৈ, ইনাজুল ৰহমান আদি উপস্থিত থাকে