
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ গাঁও পঞ্চায়ত সমূহত শুকুৰবাৰে গাঁও পঞ্চায়তৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন-২ অনুষ্ঠিত হয়। এই অনুশীলনৰ বিষয়-বস্তু হৈছে হতাহত শূণ্য দুৰ্যোগ ব্যৱস্থাপনা। শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আয়োজন কৰা এই জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলনৰ অংশ হিচাপে প্ৰাকৃতিক দুৰ্যোগ সমূহৰ সময়ত দুৰ্ঘটনা আৰু বিদ্যুতজনিত দুৰ্ঘটনা প্ৰতিৰোধ আৰু এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব প্ৰদান কৰা হৈছে।
জিলাখনৰ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ১৯ খন পঞ্চায়ত, নাজিৰা ৰাজহ চক্ৰৰ অধীনত ২২ খন পঞ্চায়ত, ডিমৌ ৰাজহ চক্ৰৰ অধীনত ২০ খন পঞ্চায়ত আৰু শিৱসাগৰ (সদৰ) ৰাজহ চক্ৰৰ অধীনত ২১ খন পঞ্চায়ত, মুঠ ৮২ খন গাঁও পঞ্চায়ততে বিভিন্ন কাৰ্যসূচীৰে এই হতাহত শূণ্য দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত অঞ্চলত থকা বিদ্যালয় সমূহত এই বিষয়বস্তুৰ লগত সংগতি ৰাখি শোভাযাত্ৰা, কুইজ, চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান, সজাগতা সভা আদি অনুষ্ঠিত কৰা হয়। এই সভা তথা অনুশীলন অনুষ্ঠানত সমল ব্যক্তিসকলে দুৰ্যোগ ব্যৱস্থাপনা, দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতা, প্ৰাথমিক চিকিৎসা আদিৰ বিষয়ে ব্যাখ্যা কৰে।
এই কাৰ্যসূচীত সমূহ নাজিৰা, শিৱসাগৰ আমগুৰি আৰু ডিমৌ এই আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, অসম শক্তি বিতৰণ কোম্পানীৰ সমল ব্যক্তি, শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ জিলা প্ৰকল্প বিষয়া, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়ববীয়া, গাঁও পঞ্চায়ত সমূহৰ বিষয়ববীয়া সকল, গাঁওবুঢ়া সকল, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।