ডিফুঃ কাৰ্বি আংলং নাগালেণ্ড সীমান্তঞ্চলত সংখ্যালঘু ৰাইজৰ মাজত শিক্ষা সন্দৰ্ভত সজাগতা আনিবলৈ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰ্বি আংলং জিলা সমিতিৰ দুদু কলনি বালিজান আঞ্চলিক সমিতৰ উদ্যোগত আজি লাহৰিজান টিলা বস্তিত মন্নান আলিৰ পৌৰিহিত্যত এখনি শিক্ষা সজাগতা সভা অনুষ্ঠিত হৈ যায়৷

সভাখনত আমন্ত্ৰিত অতিথি হিছাপে উপস্থিত থাকে আমছুৰ ৰাজ্যিক উপসভাপতি আলী হুছেইন, আমছু বকলিয়াঘাট আঞ্চলিকৰ সভাপতি সেখ জামিল, দুদু কলনি বালিজান আঞ্চলিকৰ সভাপতি আব্দুল মন্নান, সাধাৰণ সম্পাদক শ্বাহবাজখান, আমছু বৰলেংৰিৰ আঞ্চলিক সভাপতি আব্দুল বাচিত, দুদু কলনি আঞ্চলিকৰ ক্ৰীড়া সম্পাদক মাইনুল হুছেইন ওজা, স্থানীয় গাঁওবুঢ়া জহৰ উদ্দিন,  ডিফুৰ বিশিষ্ট নাগৰিক আব্দুল মতিন তালুকদাৰ, ডিফুৰ সাংবাদিক ছাইদুল ইছলাম৷

প্ৰায় ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত নিৰ্দিষ্ট ব্যক্তি সকলে সংখ্যালঘু সকল প্ৰকৃত শিক্ষা নোহোৱা বাবেই সৰ্ব দিশত বঞ্চিত হৈ আহিছে বুলি মত পোষণ কৰে৷ নিজ সন্তানক সু শিক্ষিত কৰি তুলিবলৈ প্ৰতিজন অভিভাৱক সজাগ হ'ব লাগিব আৰু আত্ম নিৰ্ভৰশীল হ'বলৈ শিক্ষাকেই অমোঘ অস্ত্ৰ হিচাপে ল’বলৈ আহ্বান জনায়৷

আনহাতে সংখ্যালঘু সকলৰ মাজত ব্যাধিৰূপে থিয় দি উঠা বাল্য বিবাহ ৰোধ কৰাৰ বাবে বক্তব্য ৰাখে৷ নিজ শিশু সন্তান সকলক বিভিন্ন ধৰণৰ কামত নিয়োজিত নকৰি বিদ্যালয়ত নাম ভৰ্তি কৰি দিবলৈও আহ্বান জনায়৷ আনহাতে দুদু কলনি বালিজান বস্তি আঞ্চলিক আমছুৰ এনে জনহিত মূলক কামৰ বাবে উচ্চ প্ৰশংসা কৰিছে৷