
বাইহাটা চাৰিআলিঃ শনিবাৰে নিশা প্ৰায় ১১ বজাত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা বন বিষয়াৰ দলে নৈশ তহল দি অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটি সৰবৰাহ কৰাৰ অপৰাধত AS-01-DC-2167 নম্বৰৰ এখন ডাম্পাৰ আমিনগাঁও অঞ্চলৰপৰা জব্দ কৰে।
এই ডাম্পাৰখনত ৬ ঘন মিটাৰ পলস মাটি বোজাই কৰি অবৈধভাৱে পৰিবহণ কৰিছিল আৰু কোনো বৈধ চালান/পৰিবহণ পত্ৰ নাছিল। অবৈধভাৱে ক্ষুদ্ৰ খনিজ সম্পদ কাঢ়িওৱাৰ অপৰাধত A M M C R 2013ৰ 63 তথা 64(1) ধাৰাৰ অধীনত গাড়ীখনসহ অবৈধ পলস জব্দ কৰা হৈছে।
জব্দকৃত গাড়ীখন বৰ্তমান চিলা বনাঞ্চলিক কাৰ্যলয়ত ৰখা হয়। এই সংক্ৰান্তত চিলা বনাঞ্চলিক কাৰ্যালয়ত ২০১৮-১৯ বৰ্ষৰ এছ/৪৮ নম্বৰৰ এটা বন গোচৰ ৰুজু হৈছে।