বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকতৱৰ্তী বেজেৰাত অবস্থিত ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতনৰ এইবেলি ২৫টা বসন্ত পাৰ কৰিব। 

১৯৯৪ চনৰ ৯ জানুৱাৰীত অসমীয়া ভাষা আৰু অসমীয়া শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলত এক সুকীয়া স্থান লাভ কৰাৰ উদ্দেশ্যেৰে উদয়ন শান্তি নিকেতন নামৰ শিক্ষানুষ্ঠানখন স্থাপন কৰা হৈছিল।

উক্ত শিক্ষানুষ্ঠানখন ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। সেই উদ্দেশ্যে অহা ২৯, ৩০ আৰু ৩১ মাৰ্চত বাৰেচহৰীয়া সংস্কৃতিৰ সমাহাৰেৰে শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপন কৰা হ’ব। সেই উদ্দেশ্যে চণ্ডী চৰণ ডেকাক সভাপতি হৰিচৰণ ডেকা আৰু মধুসূদন শৰ্মাক উপ-সভাপতি, মুনীন শৰ্মাক মুখ্য সম্পাদক আৰু উমেশ ডেকাক সাধাৰণ সম্পাদক, হেমন্ত শৰ্মা, মকিবৰ ৰহমানক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৰূপালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়।

কাৰ্যসূচী অনুসৰি ২৯ মাৰ্চৰ পুৱা ৯ বজাত শিক্ষানুষ্ঠানখনৰ পতকা উত্তোলনৰে আৰম্ভ হ’ব ৰূপালী জয়ন্তী। পতকা উত্তোলন কৰিব শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি হুছেইন আলী খণ্ডকৰে।তাৰ পাছত শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰজনী কান্ত তালুকদাৰ আৰু প্ৰাক্তন সচিব যোগেন্দ্ৰ নাথ ডেকাই স্মৃতি তৰ্পণ কৰিব। 

১০-৩০ বজাত উদযাপন সমিতিৰ অভিভাৱক গোটৰ সভাপতি ৰমনী মোহন ডেকা আৰু সভানেত্ৰী কামৰূপ জান্নাতে গছ পুলি ৰোপণ কৰাৰ পিছত শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন সংগীত শিক্ষয়িত্ৰী পূৰবী চৌধুৰীয়ে গীত-মাতত উদয়ন উদ্ধোধন কৰিব। 

সন্ধিয়া ৬বজাত গোপাল থান হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মাই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ পাছত ৭ বজাত গীত মাতত উদয়ন অনুষ্ঠান সমাপ্ত হ’ব। সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ’ব ৩০ মাৰ্চৰ কাৰ্যসূচী। শোভাযাত্ৰা উদ্ধোধন কৰিব বাইহাটা চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী বিশিষ্ট লেখিকা ৰক্তিমা ডেকা বৰুৱাই।

বিয়লি কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ অৰূপ চৌধুৰীয়ে উদ্ধোধন কৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু উদয়ন পৰিয়ালৰ অন্তৰংগ আলাপ। শিক্ষানুষ্ঠানখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হেমন্ত শৰ্মাই আঁত ধৰিব উক্ত অনুষ্ঠানৰ। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছত আৰম্ভ হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব পূব কামৰূপ মহাবিদ্যালয়ৰ অবসৰপ্ৰপ্ত অধ্যাপক ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰে।

নিশা ১১ বজাত সাংস্কৃতিক অনুষ্ঠানৰ সামৰণিৰে দ্বিতীয় দিনৰ কাৰ্যসূচী পৰিসমাপ্তি ঘটিব। ৩১ মাৰ্চ পুৱা ১০ বজাত আগডলা চাৰিআলি হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক খগেন ডেকা আৰু শশধৰ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হ’ব উদয়ন পৰিয়ালৰ অন্তৰংগ আলাপ। দুপৰীয়া অনুষ্ঠিত হ’ব মুকলি সভা। এই মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰিব জালুকবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সত্যেন্দ্ৰনাথ শৰ্মা, নিউজ লাইভৰ মুখ্য সম্পাদক জাহিৰ হুছেইন। সাংবাদিক প্ৰকাশ মহন্তই উদ্ধোধন কৰিব উদয়ন নিউক্লিয়াছ ফলন আৰু শ্ৰেণী ভিত্তিক আলোচনী। 

সন্ধিয়া বিশিষ্ট চিকিৎসক তথা শিল্পী ডাঃ হিতেশ বৰুৱাই উদ্ধোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট কন্ঠ শিল্পী তৰালী শৰ্মাৰ লগতে গুৱাহাটীৰ ভাৰতীয় লোক মন্থনৰদ্বাৰা পৰিৱেশন কৰিব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান।