
বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বেজেৰা গাঁৱৰ বসন্ত ডেকা আৰু হিৰণময়ী ডেকাৰ কনিষ্ঠ পুত্ৰ তথা কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্র অঞ্জন জ্যোতি ডেকাই ইটালীস্থিত আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (ICTP)ত অনুষ্ঠিত হ'বলগীয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, ব্ৰাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ইম্পেৰিয়েল কলেজ তথা আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (ICTP)ই সংযুক্তভাৱে ৮ ৰপৰা ১২ জানুৱাৰীলৈ আয়োজন কৰা পদাৰ্থ বিজ্ঞানৰ আন্তৰ্জাতিক কৰ্মশালালৈ আমন্ত্ৰিত হৈছে।
তাত তেওঁ "Ising Model and Ferromagnetism" শীৰ্ষক গৱেষণামূলক প্ৰকল্পৰ উপস্থাপন কৰিব। তদুপৰি তেওঁ কেম্ব্ৰিজ, প্ৰিঞ্চটন, ষ্টেনফৰ্ড প্ৰভৃতি বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ অধ্যাপকসকলৰ বত্তৃতাত উপস্থিত থকাৰ সুযোগ পাব।
ইয়াকে লৈ অঞ্জন জ্যোতি ডেকাই পঢ়ি যোৱা বেজেৰাৰ ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়, শংকৰদেৱ জাতীয় বিদ্যালয়, বেজেৰা ৰামানুজন একাডেমী আৰু বাইহাটা চাৰিআলিৰ শিক্ষকসকলে তেওঁক শুভেচ্ছা জনাইছে।