newsnextone.com | তামুলপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা-ওদালগুৰি জিলাতো অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ জিলা দুখনৰ শুক্লাই, ডিমাকুছি, নাগ্ৰীজুলি, তামুলপুৰ, উপৰখুটি আদি অঞ্চলত ভূটান সীমান্তৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে পাৰ্শ্বৱতী বিভিন্ন গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাস৷ 

ফল ক্ৰমান্বয়ে বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত ভুটান পাহাৰৰ পৰা নামি আহি হাতীৰ জাক সমূহে দিনৰ দিনটো জংঘলত সোমাই থাকি নিশা হলেই জনবসতি এলেকালৈ ওলাই আহি দুয়োখন জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ ঘৰ-বাৰী, খেতি-পথাৰ, ভঁৰালৰ ধান খাই বিনষ্ট কৰি জনসাধৰণৰ ব্যাপক ক্ষতি সাধন কৰি আহিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ অহাৰ দৰে সীমান্তৱৰ্তী এলেকাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা নাই বন বিভাগ, অসম চৰকাৰে৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে এই অঞ্চলসমূহৰ লোকৰ খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিকো হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হৈ আহিছে৷ 

কিন্তু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পোৱাৰ পিছতো ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ বনৰ মাজৰ পৰা মানুহৰ মাজলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা হতীৰ জাকক দূৰলৈ খেদি পঠোৱাত বন বিভাগৰ অক্ষমতাই বিভিন্ন সময়ত সাধাৰণ মানুহক সংকটৰ গৰাহলৈ থেলি দিয়া বুলি ৰাইজে অভিযোগ কৰি আহিছে৷

তাৰ মাজতে বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলী চাহ বাগিচাত হাতীয়ে ৮টা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি পেলাই৷ নাগ্ৰীজুলী চাহ বাগিচাত বাৰিষা-খৰালি হাতীয়ে বহু পৰিয়ালক অনিষ্ট কৰে৷ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে কেইবাজনো লোকে হাতীৰ আক্ৰমণত অকালতে মৃত্যুক আকোঁৱালি লব লগা হৈছে। ৰাইজে হাতীৰ আক্ৰমণত ঘৰ-দুৱাৰ হেৰুৱা আৰু জীৱন হেৰুওৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷