ডিজিটেল ডেক্স,তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলকৰণৰ দাবীত আজি শোণিতপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বালিপৰাত এক বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।

আজি সন্ধিয়া ৬:১৫ মিনিটত কৃষক মুক্তিৰ জিলা সমিতিৰ শতাধিক  অংশগ্ৰহণকাৰীয়ে হাতে হাতে জোৰ লৈ 
বালিপৰা চেন্টাৰেৰে সমদল কৰি  জাতিদ্ৰোহী নাগৰিকত্ব বিধেয়ক বাতিল কৰক , নাগৰিকত্ব বিধেয়ক বাতিল কৰিবই লাগিব, বিজেপি চৰকাৰ হায় হায়, বিধেয়কৰ নামত জাতিক প্ৰৱঞ্চনা কৰিবলৈ দিয়া নহ'ব ইত্যাদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে 

তেজপুৰৰ পৰা অপুৰ্ব বৰা