
তেজপুৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজহ, দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগ অাৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা অাৰু অাৱন্টন-পত্ৰ বিতৰণৰ অানুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ ২৩ খন জিলাৰ ১১,৫০০ হিতাধিকাৰীৰ লগতে শোণিতপুৰ জিলাৰ ১,৬৭০ গৰাকী ভূমিহীন হিতাধিকাৰীক অানুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰা হয়।
ৰঙাপৰা অঞ্চলৰ ১৬ খন চাহ বাগিচাৰ পথ পকীকৰণৰ লগতে নতুনকৈ নিৰ্মাণ হ’বলগীয়া ৪৭ কোটি টকা ব্যয়সাপেক্ষ তেজপুৰৰ বালিপুখুৰি তিনিঅালিৰপৰা ৰঙাপৰা সংযোগী পথৰ অাধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সাম্প্ৰতিক সময়ত অশুভ শক্তিয়ে ৰাজ্যৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ চলাই থকা চেষ্টা প্ৰতিহত কৰিবলৈ সকলো জাতি-জনগোষ্ঠীক অাহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বৰচলাৰ বিধায়ক গণেশ লিম্বু, ঢেকিয়াজুলিৰ অশোক সিংঘাল, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ লগতে মন্ত্ৰী পল্লবলোচন দাস।