
তুলসীবাৰী/ৰঙিয়াঃ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বালিসত্ৰ আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে ৰঙিয়াৰ বালিসত্ৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷
জিএনআৰচি হাস্পাতালৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰৰ শুভাৰম্ভ কৰে জীৱেশ্বৰ মেধীয়ে৷ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে বিনামুলীয়া চিকিত্সা সেৱা লাভ কৰে৷
সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি-সম্পাদক বিজয় কলিতা, বাবুল কলিতাৰ নেতৃত্বত ছাত্ৰ কৰ্মী ব্ৰজেন কলিতা, কুলদ্বীপ কলিতা, বিশ্বজিত কলিতা, হীৰকজ্যোতি কলিতাকে ধৰি ছাত্ৰ কৰ্মীসকল স্বাস্থ্য শিবিৰত উপস্থিত থাকে৷