
বিহালীঃ বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ তিনিসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিৰিজান-তিনিসুতি সংযোগী একমাত্ৰ মূল পথত থকা ভঙা দলঙে জীয়াতু ভোগাইছে বৃহত্তৰ তিনিসুতি-বিৰিজানবাসী ৰাইজক। যোৱা প্ৰায় চাৰি বছৰ পূৰ্বে নিচেই বিৰিজান প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা বিৰিজান-তিনিসুতি সংযোগী পথৰ এই কালভাৰ্ট খন বাঢ়নী পানীয়ে উটুৱাই নিছিল।
কিন্তু চাৰি বছৰ ওকলি যোৱাৰ পিছতো চকুত নপৰিল আমাৰ জনপ্ৰতিনিধিৰ। এই পথটোৰেই দৈনিক প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী আৰু প্ৰায় দুই হাজাৰৰো অধিক ৰাইজে আহ-যাহ কৰে। বিশেষকৈ কণ-কণ ছাত্ৰ ছাত্ৰীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সুবিধাৰ্থে এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল।
কিন্তু এই বাঁহৰ দলংখনো বৰ্তমান জৰাজীৰ্ণ। উল্লেখযোগ্য যে, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক বিৰিজানবাসী ৰাইজে লিম্বু মহাসভা অসমৰ এখন সভাত আমন্ত্ৰন কৰি এই দলংখন পুণৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ৰাইজৰ অনুৰোধক কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।
ইফলে ৰাইজে বিধায়ক ৰঞ্জিত দত্তক অতি শীঘ্ৰেই ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দলংখন নিৰ্মাণ কৰিবলৈ আহবান জনাইছে।