গোৰেশ্বৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতিৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱাত এবিএমছুৱে শুকুৰবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া বিটিএডি বন্ধ ঘোষণা কৰে৷ সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুই আহ্বান জনোৱা ১২ ঘন্টীয়া বিটিচি বন্ধৰ প্ৰভাৱ বিটিএডিৰ চাৰিখন জিলাতে পৰা দেখা গৈছে৷ সংগঠনটোৰ নেতা-কৰ্মী পুৱাৰে পৰা ৰাজপথলৈ ওলাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে৷

বাক্সা জিলাৰ গোৰেশ্বৰ, নাওকাটা, কাউৰবাহাত, বাঙালীপাৰাত বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰে। জিলা খনৰ কাউৰবাহাত এবিএমছুৰ শতাধিক সমৰ্থকে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ বন্ধৰ সমৰ্থকে অসম চৰকাৰ হায়-হায়, অসম আৰক্ষী হায়-হায়,  লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে ৰাজ পথ উত্তাল কৰি তোলে৷

কাউৰবাহাত প্ৰায় ত্ৰিশ গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি কাউৰবাহা আৰক্ষী চকীত আবদ্ধ কৰে। ইপিনে বন্ধৰ সময়ছোৱাত গোৰেশ্বৰ, নাওকাটা, বাঙালীপাৰা আদি আঞ্চলৰ লগতে বিটিএডিৰ বিভিন্ন ঠাইত যান-বাহন, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল-কলেজ, বেংক সেৱা আদি বন্ধ হৈ পৰা দেখা গৈছে। প্ৰতিবাদকাৰী সকলে জনাইছে যে লাফিকুল ইছলামৰ হত্যাকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰালৈ এবিএমছুৰ প্ৰতিবাদ অব্যাহত থাকিব।