
ধিংঃ দেওবাৰে পুৱাৰে পৰা নগাঁও জিলাৰ বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি সহয়৷ বিজিপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল সৰ্বসাধাৰণ লোকে৷ জানিব পৰা মতে, সমবায় খনৰ দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ দিন-বাৰ ঠিক কৰি কৰাৰ অন্তত দেওবাৰে পুৱাৰে স্থানীয় সমবায়ৰ অংশীদাৰসকল ভোট দিবলৈ আহে৷
তাৰ পিছত পুৱাই সমবায়ৰ বিষয়া-কৰ্মচাৰীয়ে হঠাৎ নিৰ্বাচন বন্ধ কৰি দিয়ে৷ যাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰে৷ ইয়াৰ পূৰ্বে দুবাৰকৈ নিৰ্বাচনৰ দিন ধাৰ্য কৰি নিৰ্বাচন বন্ধ কৰিছিল৷ পুনৰ তৃতীয় বাৰৰ বাৰে নিৰ্বাচনৰ দিন ধাৰ্য কৰি নিৰ্বাচন স্থগিত ৰাখে৷
দেওবাৰে জাঙুৰ খাই উঠে অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ৷ বিভাগীয় কৰ্তৃপক্ষই বিজেপিৰ নেতা-কৰ্মীৰ শ্ৰুতলিপিত বাৰে বাৰে নিৰ্বাচন বন্ধ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে ৰাইজে৷ উল্লেখ্য যে পুৱা ৯.৩০ বজালৈকে সমবায়ত উপস্থিত নহ’ল কোনো বিভাগীয় বিষয়া-কৰ্মচাৰী৷ গণতান্ত্ৰিক অধিকাৰক লৈ হেতালি খেলা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত৷