ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ, ঠায়ে ঠায়ে ৰে’লপথ অৱৰোধ, বন্ধ সমৰ্থকক আটক

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ ৪৪ টা সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে জনোৱা ১২ ঘন্টীয়া অসম বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। ঠায়ে ঠায়ে বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰিছে।

তামুলপুৰঃ আজিৰ অসম বন্ধ বাক্সা জিলাৰ তামুলপুৰৰ বিভিন্ন  ঠাইত বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগত ভাৰত-ভূটান অন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ দলংপাৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত তামুলপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  সাধাৰণ সম্পাদক থানেশ্বৰ কলিতাসহ দুই সমৰ্থকক আৰক্ষীয়ে আটক কৰি তামুলপুৰ থানালৈ আনে। ইপিনে ভাৰত-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোগাদলংত এ বি এমছু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। পাছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কলিতা জনগোষ্ঠীৰ চাৰিজন সদস্য ক্ৰমে ৰতনেশ্বৰ কলিতা, প্ৰদীপ কলিতা, সঞ্জয় দাস আৰু হিৰক দাসক আৰক্ষীয়ে আটক কৰে। সংবাদ মাধ্যমৰ আগত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই কয় যে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ যে বুজাবুজি আছে সেই কথা ৰাইজে আজি স্পষ্ট হৈ পৰিছে। আজি যি কাৰণত অসম বন্ধটো দিয়া হৈছে, সেই একেই কাৰণত আছুৱে প্ৰথম অসম বন্ধ দিছিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি যি ৮০ টা সংগঠনে বন্ধৰ আহ্বান আৰু সমৰ্থন জনাইছে, সেই বন্ধক আছুৱে সমৰ্থন নকৰা কাৰ্যক ৰাইজে সহজভাৱে ল’ব পৰা নাই।

নগাঁওঃ জনশূণ্য ৰাজপথ। বন্ধৰ সময়ছোৱাত জিলাখনৰ ধিং, বটদ্ৰৱা, জাজৰি, বেবেজীয়া, দক্ষিণপাট, জুৰীয়া, ৰূপহীহাট, কামপুৰ, ৰহা, চাপৰমুখ, কচুৱা, কঠিয়াতলি, চামগুৰি, জখলাবন্ধা, পুৰণিগুডাম আদি অঞ্চলত ব্যাহত হৈ পৰে স্বাভাৱিক জীৱন-যাত্ৰা৷ ৰাজপথত ঠায়ে ঠায়ে বন্ধ সমৰ্থনকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। দোকান-বজাৰ বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো বন্ধ থাকে। জখলাবন্ধাত বন্ধৰ সমৰ্থকে ৰে’লপথ অৱৰোধ কৰে৷ ফলত শিলঘাট-গুৱাহাটী নামনিমুৰা যাত্ৰীবাহী ৰে’লখন আবদ্ধ হৈ পৰে৷

শিৱসাগৰঃ সমগ্র ৰাজ্যতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত ৪৪ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্রতি সঁহাৰি জনাইছে ৰাইজে। উল্লেখযোগ্য যে আগন্তুক ১৭ নৱেম্বৰত গুৱাহাটীত ৰাজ্যৰ বাঙালী সংগঠনসমূহে একত্রিত হৈ সমাৱেশ আয়োজন কৰাৰ প্রতিবাদতো অসমৰ ৪৪ টা জাতীয় সংগঠনে আজি ২৩ অক্টোবৰত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে পুৱাৰেপৰা শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত 'আহোম সেনা'ৰ লগতে জিলাখনৰ আটাছুৰ বৰুৱা পুখুৰী, নামতি আৰু দিকচু আঞ্চলিক সমিতিয়ে নামতি চাৰিআলি, কালুগাঁও আৰু নামতি বাউলী পুখুৰী চাৰিআলিত প্ৰতিবাদ কৰে। কৈৱৰ্ত ছাত্ৰ সন্থায়ো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীত উজনিমুৱা ইন্টাৰচিটী ৰে’লগাড়ীখন অৱৰোধ কৰা হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰে’লপথ অৱৰোধ কৰে। অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো অঞ্চলবোৰত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই।

বিলাসীপাৰাঃ জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত জনোৱা বন্ধত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। উক্ত বন্ধ সফল কৰাৰ উদ্দেশ্যে ৰাজপথলৈ ওলাই অহা কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ ছয়গৰাকী কৰ্মীক আৰক্ষী প্ৰশাসনে আটক কৰি বিলাসীপাৰা থানা লৈ যায়। বৰ্তমান কৃষক মুক্তি কৰ্মী কেইগৰাকী থানাত আটকাধীন হৈ আছে। আটকাধীন কৰ্মীসকলৰ ভিতৰত আছে ছফিয়ৰ ৰহমান আহমেদ, ছাদ্দাম হুছাইন, আশ্ৰাফুল ইছলাম, ছবুৰা খাতুন, ছাদ্দাম হুছাইন আৰু অনোৱাৰ হুছাইনে। এওঁলোকে আটক হৈ থানাৰপৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শৰীৰত এক বিন্দু তেজ থকালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পৰিস্থিতিতে গৃহীত হ’বলৈ দিয়া নহ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। প্ৰয়োজনসাপেক্ষে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কৰ্মীয়ে জীৱন দিয়াৰ বাবে সাজু আছে বুলিও তেওঁলোকে ব্যক্ত কৰে।

তেজপুৰঃ আজিৰ ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বালিপৰা, ৰঙাপৰাতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে। বন্ধৰ ফলত দোকান পোহাৰৰ লগতে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে সৰু-বৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইফালে বন্ধৰ সময়ছোৱাত অঞ্চলটোত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যদিও ৰাজপথত বন্ধৰ সমৰ্থকে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰে।