04
Jan
2018

ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ পৰা এগৰাকী মহিলাক অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে মহিলাগৰাকীক অস্ত্ৰ দেখুৱাই ৫৬,৬১০ টকা কাঢ়ি লৈ যায়৷
জানিব পৰা মতে, প্ৰতিদিনে সংগ্ৰহ কৰাৰ দৰে বৃহস্পতিবাৰেও বন্ধন বেংকৰ সংগ্ৰহকাৰী কবিতা নাথে ৰঙিয়াৰ ধুলাবড়ী অঞ্চলত নিয়মিত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ যায়৷
অঞ্চলটোৰ পৰা ধন সংগ্ৰহ কৰি ৰঙিয়া চহৰলৈ উভতি আহি থকাৰ সময়ত মটৰ চাইকেলত অহা তিনিজন যুৱকে মহিলা সংগ্ৰহকাৰীগৰাকী ৰাজ পথতে পিষ্টল দেখুৱাই লগত থকা বেগটো কাঢ়ি লৈ উধাও হয়৷ এই ঘটনাৰ পিছতে সংগ্ৰহকাৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰে যদিও তেতিয়ালৈকে দুৰ্বত্তই পলাই যাবলৈ সক্ষম হৈছিল৷ কাউৰবাহা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷